শীৰ্ষ বাতৰি

লক-ডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ কোনো অভাৱ নহয়ঃ আশ্বাস ৰাজ্য চৰকাৰৰ

Sentinel Digital Desk

লক-ডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ নহয়ঃ আশ্বাস ৰাজ্য চৰকাৰৰ ।মঙ্গলবাৰে নিশা ১২ বজাৰ পৰা আৰম্ভ হোৱা দেশজোৰা তলাবন্ধ (লক-ডাউন)ৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ কোনো অভাৱ নহয়। এই আশ্বাস প্ৰদান কৰিছে অসম চৰকাৰে। ৰাইজক অযথা আতংকিত নহ’বলৈ আহ্বান জনাই বুধবাৰে এখন সংবাদমেলত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে ৰাজ্যত পৰ্যাপ্ত পৰিমাণত খাদ্য-বস্তু মজুত আছে। আনহাতে, লক-ডাউনৰ নীতি-নিয়ম ভংগ কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ব্যৱস্থা লোৱা হ’ব বুলি চৰকাৰে সকীয়াই দিছে। সংবাদমেলত মুখ্য সচিব সঞ্জয় কৃষ্ণই লগতে কয় যে যি সকল লোক বিগত কিছুদিনত ৰাজ্যৰ বাহিৰৰ পৰা আহিছে তেওঁলোকৰ হাতত মোহৰ লগোৱা হৈছে। আনকি তেওঁলোকক ঘৰত আছুতীয়াকৈ থাকিবলৈ দিয়া হৈছে। ৰাজ্যৰ সকলো জিলা উপায়ুক্তক এয়া চোৱা-চিতা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গাওঁ সুৰক্ষা বাহিনী(ভি ডি পি), গাওঁবুঢ়াৰ লগতে আশাকৰ্মীসকলে তেওঁলোকক চোৱা চিতা কৰি আছে। যদি তেওঁলোকে ঘৰৰ বাহিৰলৈ ওলাই তেন্তে তেওঁলোকৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত বিহীত ব্যৱস্থা লোৱা হ'ব ।

চৰকাৰে স্পষ্ট কৰি দিছে যে জৰুৰীকালীন সেৱাৰ বাহিৰে কোনো লোকে যদি আইন উলংঘা কৰে তেন্তে তেওঁলোকে নিজৰ হৈ সংকট মাতি অনা হ'ব ।

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা সম্পৰ্কে মুখ্য সচিবগৰাকীয়ে সংবাদমেলত কয়,"আমাৰ ওচৰত তিনি মাহৰ বাবে ৩,০৯,০০০ মেট্ৰিক টন চাউল মজুত আছে। ইয়াৰ উপৰি ১০,০০০ মেট্ৰিক টন এন এ এফ ই ডিৰ পৰা সৰবৰাহ কৰাৰ যো-জা চলোৱা হৈছে । লগতে আমাৰ ওচৰত ৫,০০০ মেট্ৰিক টন চেনিও আছে । ইতিমধ্যে বুধবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ১২ খন ৰেল তিনিচুকীয়া আহি পাইছে "।

লগতে তেওঁ কয় যে এই ২১ দিনীয়া তলাবন্ধৰ সময়ত খাদ্য-সামগ্ৰীৰ দোকানসমূহ খোলা থাকিব , আৰু মাছ-মাংসৰ দোকানো খোলা হ’ব । জিলা উপায়ুক্তসকলক এই দোকান সমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিছুমান বস্তুৰ অভাৱ হ'ব পাৰে কিয়নো এই সময় অতি সংকটাপন্ন বুলি উল্লেখ কৰি লগতে তেওঁ কয় যে ৰাজ্যত ৰন্ধন গেছৰ পৰ্যাপ্ত ভাণ্ডাৰ আছে। ইপিনে, অসম আৰু পশ্চিমবংগ সীমান্তত লক-ডাউনৰ বাবে আৱদ্ধ হোৱা লোকসকলক সম্পৰ্কে মুখ্য সচিবে কয় যে সেই লোক সকলক তাৰ পৰা অনাৰ নিৰ্দেশ জাৰি কৰা হৈছে। তেওঁলোকক ১৪ দিনৰ বাবে ঘৰত আছুতীয়াকৈ ৰখা হ'ব ।