বিশ্বত আৰ্থিক মন্দাৰ আশংকাঃ ক’ৰ’নাৰ ৰম্যপুৰী হোৱাৰ দিশে আমেৰিকা

বিশ্বত আৰ্থিক মন্দাৰ আশংকাঃ ক’ৰ’নাৰ ৰম্যপুৰী হোৱাৰ দিশে আমেৰিকা
অপ্ৰতিৰোধ্য ৰূপ ধাৰণ কৰা ক’ৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বক ভয়ংকৰ আৰ্থিক সংকটলৈ ঠেলি দিয়াৰ আশংকা প্ৰবল হৈ উঠিছে ৷ ইয়াৰ মূল কাৰণৰূপে চিহ্নিত হৈছে ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ ক’ৰ’না ভাইৰাছৰ ৰম্যপুৰীত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু ভাৰতত সুদীৰ্ঘ ২১দিন তলা-বন্ধ (ল’ক-ডাউন)ঘোষণা কৰাটো ৷ এই ল’ক-ডাউনৰ ফলত ভাৰত বিস্তৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাটো নিশ্চিত ৷ ভাৰতৰ পূৰ্বে এনে ল’ক-ডাউন ঘোষণা কৰে জাপানে ৷ একেদৰে ইংলণ্ডকে ধৰি ইউৰোপৰ বহু দেশে ল’ক-ডাউন ঘোষণা কৰিছে ৷ আনহাতে, বিশ্ব স্বাস্থ্য সংস্থা(হু)ৰ মুখপাত্ৰ মাৰ্গাৰেট হেৰিছে সংস্থাটোৰ মুখ্য কাৰ্যালয় জেনেভাত কৰা ঘোষণা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ৷ যোৱা বিশ্বত আক্ৰান্ত হোৱা মুঠ ক’ৰ’না ৰোগীৰ ৪০ শতাংশই হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৷ ৪৫শতাংশ হৈছে ইউৰোপৰ বিভিন্ন দেশৰ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বত ক’ৰ’নাত নতুনকৈ ৪২হেজাৰ লোক আক্ৰান্ত হয় ৷ তদুপৰি উক্ত দিনা এই মহামাৰীত সমগ্ৰ বিশ্বত কমেও ৫৫৯জন লোকৰ মৃত্যু হয় ৷ আনহাতে, বৰ্তমানলৈ ভাৰতকে ধৰি সমগ্ৰ বিশ্বত তিনি লাখ ৭৭হেজাৰ লোক এই মহামাৰীত আক্ৰান্ত হৈছে ৷ প্ৰতিদিনে বৃদ্ধি পাই আছে আক্ৰান্তৰ সংখ্যা ৷ ইতিমধ্যে এই মহামাৰীত ১৫হেজাৰৰো অধিক লোক মৃত্যুমুখত পৰিছে ৷
অন্য খবৰৰ বাবে পঢ়ক: দেশজুৰি তলা বন্ধ: আৰ্থিক সাহায্য বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ ট্ৰেড ইউনিয়নৰ পত্ৰ
ভিডিঅ প্ৰতক্ষ্য কৰক: Sellers take advantage of helplessness of panic stricken citizens by overpricing commodities