Begin typing your search above and press return to search.

দেশজুৰি তলা বন্ধ: আৰ্থিক সাহায্য বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ ট্ৰেড ইউনিয়নৰ পত্ৰ

দেশজুৰি তলা বন্ধ: আৰ্থিক সাহায্য বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ ট্ৰেড ইউনিয়নৰ পত্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2020 11:32 AM GMT

দেশজুৰি তলা বন্ধ: আৰ্থিক সাহায্য বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ ট্ৰেড ইউনিয়নৰ পত্ৰ। কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশজুৰি ২১ দিনৰ বাবে অহা ১৪ এপ্ৰিললৈকে তলা বন্ধ ঘোষণা কৰে।ইয়াৰ পৰিপ্ৰেক্ষিতত অসংগঠিত খণ্ডৰ শ্ৰমিক-কৰ্মচাৰীসকলক আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে বিভিন্ন ট্ৰেড ইউনিয়নে। বিজেপিৰ মন্ত্ৰণাদাতা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(আৰ এছ এছ)ৰ ভাৰতীয় মজদুৰ সংঘ আৰু চি পি এমৰ চেন্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নে প্ৰধানমন্ত্ৰী মোদীক সকলো শ্ৰমিক-মজদুৰক ৫,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে।

মোদীলৈ লিখা পত্ৰত ট্ৰেড ইউনিয়নসমূহে তেওঁলোকৰ দাবীসমূহৰ এখন তালিকা প্ৰস্তুত কৰে। লগতে এই পত্ৰৰ জৰিয়তে ৰাজহুৱা বিতৰণ ব্যৱস্থা(পি ডি এছ)ৰ জড়িয়তে প্ৰয়োজনীয় খাদ্য-বস্তু বিতৰণৰ দাবী জনোৱা হৈছে।ইতিমধ্যে দেশজোৰা তলা-বন্ধৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ লোকক খাদ্য-সামগ্ৰী যোগানৰ বাবে ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ সমগ্ৰ দেশৰ ৮০কোটি দৰিদ্ৰ লোকক প্ৰতি কিলোগ্ৰাম চাউল ৩ টকা দামত যোগানৰ আঁচনি লৈছে কেন্দ্ৰই ৷ ইয়াৰ বাবদ কেন্দ্ৰই ব্যয় কৰিব ১লাখ ৮৯হেজাৰ কোটি টকা । বুধবাৰে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে এই আঁচনিত অনুমোদন জনায় ৷ এই আঁচনি বিশ্বৰ বৃহত্তম আচনিৰূপে পৰিগণিত হৈছে ৷ কেবিনেটৰ অনুমোদনৰ পাছত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে নিশা ল’ক-ডাউন ঘোষণা কৰাৰ পাছত দৰিদ্ৰ আৰু নিম্ন আয়ৰ লোকলৈ সাহায্য দেশজোৰা প্ৰবল দাবী উত্থাপিত হয় ৷ সম্প্ৰতি চৰকাৰে এই আঁচনি ঘোষণা কৰাত স্বস্থিৰ নিশ্বাস পেলাইছে ৷ ইপিনে, একাংশ অসাধু ব্যৱসায়ীয়ে জনতাৰ অসহায় অৱস্থাৰ সুযোগ বুজি অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি ঘটোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱঃ লক-ডাউন পালন কৰিবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Sellers take advantage of helplessness of panic stricken citizens by overpricing commodities

Next Story
চাকৰি