Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱঃ লক-ডাউন পালন কৰিবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱঃ লক-ডাউন পালন কৰিবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2020 9:16 AM GMT

ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱঃ লক-ডাউন পালন কৰিবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ। ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য চৰকাৰে জাৰি কৰা লক-ডাউন পালন কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মঙ্গলবাৰে মুখ্যমন্ত্ৰী সোণোৱালে ক’ৰ’না ভাইৰাছৰ বাবে দেশত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা লক-ডাউনৰ নিয়মসমূহ মানি চলিবলৈ জনতাক আহ্বান জনায়। এতিয়ালৈকে এই ভাইৰাছৰ কোনো প্ৰতিষেধক তৈয়াৰ হোৱা নাই । সজাগতা আৰু সতৰ্কতাহে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ বুনিয়াদী ব্যৱস্থা । এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

লগতে তেওঁ জনতাক আতংকিত নহ'বলৈও আহ্বান জনায়। কোনো লোকৰ শৰীৰত ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱা লক্ষণে দেখা দিলে ১০৪ টোল ফ্ৰী নম্বৰত ফোন কৰি স্বাস্থ্য বিভাগৰ পৰামৰ্শ ল'বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে।

লগতে সোণোৱালে এই সংকট কালত স্বাস্থ্য বিভাগ, অসামৰিক প্ৰশাসন, আৰক্ষী প্ৰশাসন, জনস্বাস্থ্য কাৰিকৰী বিভাগ, শক্তি, অগ্নি-নিৰ্বাপক বাহিনী, বেংক আৰু অন্যান্য জৰুৰীকালীন সেৱাসমূহক নিজ নিজ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে নিশা ১২ বজাৰ পৰা দেশত ২১ দিনৰ বাবে সম্পূৰ্ণ তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতকে ধৰি প্ৰায় সমগ্ৰ বিশ্বজুৰি ক’ৰ’না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশজুৰি ঘোষণা কৰিলে লক-ডাউন। মঙ্গলবাৰে নিশা তেওঁ দেশবাসীক উদ্দেশি ক’ৰ’না মহামাৰীক লৈ দ্বিতীয়বাৰৰ বাবে বক্তব্য আগবঢ়ায়। এই ভাষণৰ সময়ত তেওঁ অহা ১৪ এপ্ৰিললৈকে সমগ্ৰ দেশব্যাপি তলাবন্ধ ঘোষণা কৰে।

ভাষণত তেওঁ দেশবাসীক আতংকিত নহ'বলৈও আহ্বান জনায় । অৱশ্যে এই তলাবন্ধৰ সময়ছোৱাত জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাসমূহ বন্ধ নহয়। খাদ্য-সামগ্ৰীৰ দোকান, পেট্ৰল পাম্প আদি খোলা থাকিব।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰী: হাইলাকান্দি-তিনিচুকীয়াত সহস্ৰাধিকক গৃহ একাষৰীয়াকৰণ

ভিডিঅ প্ৰতক্ষ্য কৰক: Sellers take advantage of helplessness of panic stricken citizens by overpricing commodities

Next Story
চাকৰি