Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰী: হাইলাকান্দি-তিনিচুকীয়াত সহস্ৰাধিকক গৃহ একাষৰীয়াকৰণ

ক’ৰ’না মহামাৰী: হাইলাকান্দি-তিনিচুকীয়াত সহস্ৰাধিকক গৃহ একাষৰীয়াকৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2020 8:47 AM GMT

ক’ৰ’না মহামাৰী: হাইলাকান্দি-তিনিচুকীয়াত সহস্ৰাধিকক গৃহ একাষৰীয়াকৰণ

ক্ৰমে ভাৰততো ভয়াবহ ৰূপ ধাৰণ কৰা ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত অসমৰ তিনিচুকীয়া আৰু হাইলাকান্দি জিলাত সহস্ৰাধিক লোকক গৃহ একাষৰীয়াকৰণ (কোৱাৰেণ্টাইন) কৰা হৈছে। প্ৰশাসনৰ তথ্য অনুসৰি তিনিচুকীয়া জিলাত মুঠ ৩৪৯জনক একাষৰীয়াকৰণ কৰা হৈছে। এই সন্দৰ্ভত জিলাখনৰ উপায়ুক্ত ভাস্কৰ পেগুৱে কয় যে যোৱা কিছুদিনত এইসকল ব্যক্তিয়ে ৰেল অথবা বিমানেৰে জিলাখনত প্ৰৱেশ কৰে। উপায়ুক্ত পেগুৱে জনোৱা মতে, তিনিচুকীয়াত ক’ৰ’না মহামাৰীত আক্ৰান্তক ভৰ্তিৰ বাবে কল ইণ্ডিয়া হাস্পতাল(মাৰ্ঘেৰিটা), এ অ ডি হাস্পতাল(ডিগবৈ) আৰু জি এন বি হাস্পতালত ব্যৱস্থা কৰা হৈছে। ইপিনে, হাইলাকান্দিত ৭২১জন ব্যক্তিক গৃহ একাষৰীয়াকৰণ কৰা হৈছে। এই কথা সদৰী কৰি জিলা উপায়ুক্ত কাৰ্তি জলিলে কয় যে ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য চৰকাৰে জাৰি কৰা সকলো নিৰ্দেশনা জিলা প্ৰশাসনে আখৰে আখৰে পালন কৰিব। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বান অনুসৰি মঙলবাৰে নিশা ১২বজাৰ পৰা সমগ্ৰ দেশত তলাবন্ধ পালন কৰা হৈছে। এই কাৰ্যসূচী ২১ দিনৰ বাবে অহা ১৪ এপ্ৰিললৈ সমগ্ৰ দেশত বলবত থাকিব। নিয়ম উলংঘাকাৰীক আইন অনুসৰি শাস্তি প্ৰদান কৰা হব বুলি প্ৰধানমন্ত্ৰীয়ে সতৰ্ক কৰি দিছে।

অন্য খবৰৰ বাবে পঢ়ক: উত্তৰ-পূবৰ দ্বিতীয়ঃ মিজোৰামতো ধৰা পৰিল ক’ৰ’না মহামাৰী আক্ৰান্ত

ভিডিঅ প্ৰতক্ষ্য কৰক: Sellers take advantage of helplessness of panic stricken citizens by overpricing commodities

Next Story
চাকৰি