শীৰ্ষ বাতৰি

ক’ৰ’না মহামাৰীৰ পৰা আৰোগ্য: আৰু তিনিজনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি

Sentinel Digital Desk

ক’ৰ’না মহামাৰীৰ পৰা আৰোগ্য লাভঃ আৰু তিনিজনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি

ক’ৰ’না মহামাৰীৰ দ্বাৰা আতংকিত হৈ থকা জনতালৈ স্বস্তিৰ বতৰা ! অসমৰ আৰু তিনিজন ক’ৰ’না মহামাৰী আক্ৰান্তক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ কাৰণ তিনিওজন সুস্থ হৈছে ৷ আজি শনিবাৰৰ দিনটোত এই তিনিজনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷ এই কথা টুইটাৰত প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি ইয়াৰে দুজন গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ আছিল আৰু আনজন শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ আজি মন্ত্ৰী শৰ্মা আৰু স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই এম এম চি এইচৰ দুজনক চিকিৎসালয়ৰ পৰা বিদায়ৰ সময়ত সাক্ষাৎ কৰে ৷ দুয়োকে ১৪দিনৰ বাবে ঘৰত আছুতীয়াকৈ থাকিবলৈ স্বাস্থ্য বিভাগে নিৰ্দেশ দিছে ৷ একেদৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা যাবলৈ দিয়া জনকো ঘৰত আছুতীয়াকৈ থাকিবলৈ স্বাস্থ্য বিভাগে নিৰ্দেশ দিছে ৷ স্বাস্থ্য মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ মুঠ ৩৪জন ক’ৰ’না মহামাৰী আক্ৰান্তৰ ১২জন সুস্থ হৈছে ৷ ইয়াৰ পূৰ্বে গোৱালপাৰাৰ দুজন আৰু জাগীৰোডৰ দুজন ক’ৰ’না মহামাৰী আক্ৰান্তক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷ অসমত এজন ক’ৰ’না মহামাৰী আক্ৰান্ত মৃত্যু হৈছে ৷