ক’ৰ’না মহামাৰীৰ মাজতে কেৰালাত কৰ্মৰত অসমৰ যুৱকৰ মৃত্যু

ক’ৰ’না মহামাৰীৰ মাজতে কেৰালাত কৰ্মৰত অসমৰ যুৱকৰ মৃত্যু

ক’ৰ’না মহামাৰীৰ মাজতে কেৰালাত কৰ্মৰত অসমৰ যুৱকৰ মৃত্যু

ক’ৰ’না ভাইৰাছৰ তীব্ৰ আতংকৰ মাজতে কেৰালাত কৰ্মৰত অসমৰ এজন মৃত্যুমুখত পৰিছে ৷ বিগত ছমাহ ধৰি ৰাজ্যখনৰ কালামাছেৰীত কৰ্মৰত বিজয় কৃষ্ণন নামৰ এই যুৱকজন অলপতে অসুস্থ হৈ পৰে ৷ তাৰ পাছতে তেওঁক কালামাছেৰীৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ তাত কিছুদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পাছত যুৱকজনৰ কালি ১৭এপ্ৰিলত মৃত্যু হয়। ২৩বছৰীয়া যুৱকজনৰ অকাল মৃত্যুৰ নিশ্চয়তা দিছে কেৰালা চৰকাৰেও ৷ কেৰালা চৰকাৰৰ স্বাস্থ্য বিভাগৰ এজন বিষয়াই জনোৱা মতে, যুৱকজন যকৃতৰ ৰোগত আক্ৰান্ত আছিল ৷ যুৱকজন ক’ৰ’না মহামাৰীত আক্ৰান্ত নাছিল বুলি সদৰী কৰি বিষয়াজনে কয়, “ তিনিবাৰ তেওঁৰ নমুনা সংগ্ৰহ কৰা হৈছিল ৷ তিনিওবাৰে তেওঁৰ নমুনা পৰীক্ষাত ক’ৰ’না ভাইৰাছ ধৰা পৰা নাছিল ৷ যকৃতৰ ৰোগত তেওঁৰ মৃত্যু হয় ৷" যুৱকজন কালামেছৰীৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com