Begin typing your search above and press return to search.

২১এপ্ৰিলৰ পাছত ৰাজ্যত পুনৰ আৰম্ভ হ’ব মথাউৰি নিৰ্মাণৰ কাম

২১এপ্ৰিলৰ পাছত ৰাজ্যত পুনৰ আৰম্ভ হ’ব মথাউৰি নিৰ্মাণৰ কাম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 April 2020 11:17 AM GMT

অসমত অহা ২১এপ্ৰিলৰ পাছত পুনৰ আৰম্ভ হ’ব মথাউৰি নিৰ্মাণৰ কাম ৷ ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য ঘোষণা কৰা তলাবন্ধৰ পৰিপ্ৰেক্ষিতত মথাউৰি নিৰ্মাণৰ কাম স্থগিত ৰখা হৈছিল ৷ মথাউৰি নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ উদ্দেশ্য জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি মথাউৰিসমূহৰ অৱস্থা বুজ লৈছে ৷ মন্ত্ৰীজনে ইতিমধ্যে কামৰূপ, বিশ্বনাথ আদি জিলাৰ বহু মথাউৰিৰ অৱস্থা লৈছে ৷ বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি বহু স্থানত কেতবোৰ অৱস্থা সন্তোষজনক নহয় ৷ বাৰিষা নৈৰ বাঢ়নী পানীয়ে এনে মথাউৰি ভাঙি পেলোৱাৰ আশংকা আছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বাৰিষাৰ পূৰ্বে সংকটাপন্ন মথাউৰিৰ মেৰামতি তথা পুনৰ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে জলসম্পদ বিভাগে ৷ সেই অনুসৰি অহা ২১এপ্ৰিলৰ পাছত বিভাগে মথাউৰি নিৰ্মাণৰ কা’ম আৰম্ভ কৰিব ৷ কাম কৰাৰ সময়ত সংশ্লিষ্ট শ্ৰমিক-কৰ্মচাৰীয়ে ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ বাবে কেন্দ্ৰই জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলিব ৷ অৱশ্যে মৰিগাঁও জিলাৰ লাহৰীঘাটত ক’ৱিড-19আক্ৰান্ত চিনাক্ত হোৱাত জলসম্পদ বিভাগে কিছু বিব্ৰত বোধ কৰিছে ৷ উল্লেখ্য যে ৰাজ্যত প্ৰতিবাৰে অক্টোবৰৰ পৰা এপ্ৰিলৰ ভিতৰত মথাউৰি নিৰ্মাণ কৰিব লাগে ৷ এইবাৰ ক’ৰ’না মহামাৰীয়ে মথাউৰি নিৰ্মাণত ব্যাঘাত জন্মালে ৷

অন্য খবৰৰ বাবে পঢ়ক: ২১ এপ্ৰিলৰ পৰা কাৰ্যালয় পুনৰ মুকলিঃ দিছপুৰে কেনেদৰে সুনিশ্চিত কৰিব কৰ্মচাৰীৰ উপস্থিতি

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি