শীৰ্ষ বাতৰি

আগতীয়াকৈ ক’ৱিড-১৯ চিনাক্তকৰণঃ অসমত সকলো লোকৰে থু-খেকাৰ পৰীক্ষণৰ প্ৰস্তুতি স্বাস্থ্য বিভাগৰ

Sentinel Digital Desk

আগতীয়াকৈ ক’ৱিড-১৯ চিনাক্তকৰণঃ অসমত সকলো লোকৰে থু-খেকাৰ পৰীক্ষণৰ প্ৰস্তুতি স্বাস্থ্য বিভাগৰ

ক’ৱিড-১৯ৰ সংক্ৰমণ আগতীয়া চিনাক্তকৰণৰ উদ্দেশ্য ৰাজ্যৰ স্বাস্থ্য বিভাগে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশৰূপে স্বাস্থ্য বিভাগে ৰাজ্যৰ সকলো লোকৰে থু-খেকাৰ আৰু নাকৰ ময়লা পৰীক্ষা কৰিব । এই উদ্দেশ্য স্বাস্থ্য বিভাগে অচিৰেই থু-খেকাৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিব।এই কথা সদৰী কৰি শনিবাৰে এখন সংবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে পূৰ্বে কেৱল লেলাৱটিহে সংগ্ৰহ কৰা হৈছিল। সম্প্ৰতি ৰাজ্য চৰকাৰে থু-খেকাৰৰ লগতে নাকৰ ময়লা পৰীক্ষাও কৰাৰ সিদ্ধান্ত লৈছে। ইয়ে ক’ৱিড-১৯ বিৰোধী যুঁজখন শক্তিশালী কৰিব বুলি মন্ত্ৰী শৰ্মাই মন্তব্য কৰে। তেওঁ লগতে কয় যে অসমত যিসকল ক’ৱিড-১৯ মহামাৰী আক্ৰান্ত চিনাক্ত হল, তেওঁলোকৰ বহুতৰ ৰোগ ধৰা পৰে ভাইৰাছে শৰীৰত প্ৰৱেশ কৰাৰ ১৪ দিনৰ পাছত। গতিকে ভাইৰাছৰ সংক্ৰমণ আগতীয়াকৈ ধৰা পেলোৱাৰ উদ্দেশ্য ৰাজ্য চৰকাৰে এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে।