শীৰ্ষ বাতৰি

ত্ৰিপুৰা ভ্ৰমণ কৰা দুগৰাকী বাংলাদেশী মহিলাৰ শৰীৰত ওলাল ক’ৰ’না ভাইৰাছ

Sentinel Digital Desk

ত্ৰিপুৰা ভ্ৰমণ কৰা দুগৰাকী বাংলাদেশী মহিলাৰ শৰীৰত ওলাল ক’ৰ’না ভাইৰাছ

ত্ৰিপুৰা ভ্ৰমণ কৰা বাংলাদেশৰ দুগৰাকী মহিলা চিনাক্ত হ’ল ক’ৰ’না মহামাৰী আক্ৰান্তৰূপে। ইয়াৰে এগৰাকী মহিলা বাংলাদেশৰ ৰাজধানী ঢাকাৰ আৰু আনগৰাকী দেশখনৰ ব্ৰাহ্মণবাৰীয়াৰ। দুয়োৰে শৰীৰত অলপতে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। চৰকাৰী তথ্য অনুসৰি মহিলা দুগৰাকীয়ে শেহতীয়াভাবে ত্ৰিপুৰা ভ্ৰমণ কৰিছিল। ত্ৰিপুৰা ভ্ৰমণৰ সময়ত ৰাজ্যখনৰ ১১জন ব্যক্তিৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছিল মহিলা দুগৰাকী। এই কথা সদৰী কৰি ত্ৰিপুৰা চৰকাৰৰ ৰোগ নিৰীক্ষণ বিষয়া দীপ কুমাৰ দেৱবাৰ্মাই সংবাদ মাধ্যমক জনায় যে বাংলাদেশী মহিলা দুগৰাকীয়ে ত্ৰিপুৰাৰ আৰালিয়া আৰু মেলাগড় ভ্ৰমণ কৰিছিল। এই দুয়োঠাইতে তেওঁলোক কিছুদিন আছিল।আনহাতে, অনুপ্ৰৱেশ নিয়ন্ত্ৰণৰ জৰিত চৰকাৰী সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ মাৰ্চত ত্ৰিপুৰাত প্ৰৱেশ কৰে বাংলাদেশৰ কমেও তিনি হেজাৰ লোকে। পাছত সাত আৰু ২২ এপ্ৰিলৰ মাজৰ সময়ছোৱাত ৮৪ জন বাংলাদেশী লোকে স্ব-দেশলৈ বুলি ত্ৰিপুৰা ত্যাগ কৰে। আনহাতে, বাংলাদেশৰ পৰা মানুহৰ প্ৰৱেশ বন্ধ কৰাৰ উদ্দেশ্য ত্ৰিপুৰা সীমান্তত কঠোৰ তহলৰ ব্যৱস্থা কৰা হৈছে। এই কথা সদৰী কৰি ত্ৰিপুৰা ষ্টেট ৰাইফলছ(টি আৰ এছ)ৰ মহা পৰিদৰ্শক জি এছ ৰাওৱে কয় যে বাংলাদেশত বহু লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত কমেও চাৰি হেজাৰ টি আৰ এছৰ জোৱান সীমান্তত নিয়োগ কৰা হৈছে। এই জোৱানসকলক সীমান্ত সুৰক্ষা বাহিনী( বি এছ এফ)ক সহায় কৰাৰ বাবে নিয়োজিত কৰা হৈছে বুলি ৰাৱে প্ৰকাশ কৰে। উল্লেখ্য যে ত্ৰিপুৰাত এগৰাকী মহিলাসহ কমেও দুজন লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈছে। ইয়াৰে মহিলাগৰাকীয়ে যোৱা মাৰ্চত গুৱাহাটী ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল। ইপিন, অসমত মুঠ ৩৫ জন আক্ৰান্তৰ কমেও ১৯ জন সুস্থ হৈছে। এইসকলক চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হৈছে। এই কথা সদৰী কৰি আজি গুৱাহাটীত এখন সংবাদমেলত অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কাইলৈ অৰ্থাত্ শনিবাৰেও এজন আক্ৰান্তক চিকিত্সালয়ৰ পৰা ঘৰলৈ দিয়াৰ সম্ভাৱনা আছে। কাৰণ তেৱোঁ সুস্থ হৈছে।