শীৰ্ষ বাতৰি

কেন্দ্ৰীয় বাজেট ২০১৯: মহিলা সকলৰ বাবে কি কি সুবিধা থাকিব

Sentinel Digital Desk

আজি দেশৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত ২০১৯-২০ কেন্দ্ৰীয় বাজেট দাখিল কৰে। বাজেটত মহিলা সকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে নিৰ্মলা সীতাৰমনে ।

মহিলা সৱলীকৰনৰ ওপৰত বাজেটত গুৰুত্ব দিয়া হৈছে । নিৰ্মলা সীতাৰমনে কয় , এনেকুৱা একো খণ্ড নাই যত মহিলা সকলে অবদান আগবঢ়োৱা নাই।

মহিলা সকল আত্ম নিৰ্ভৰশীল হবলৈ প্ৰত্যেক জিলাতে চাবভেনচন প্ৰগেম সম্প্ৰসাৰণ কৰিব । মুদ্ৰা আচনিৰ অধিনত মহিলা সকলক ১,০০,০০০ টকাৰ লোন দিয়া হব ।

আজিৰ বাজেটত নিৰ্মলা সীতাৰমনে কয় , মহিলাৰ উন্নতিৰে জড়িত হৈ আছে দেশৰ উন্নতি|এইবাৰৰ পৰা চৰকাৰৰ শ্লোগান হ’ব ‘নাৰীৰ পৰা নাৰায়ণলৈ’। আত্মসহায়ক গোটৰ এগৰাকীক ১লাখ টকাকৈ ঋণ দিয়া হব|

‘মুদ্ৰা আঁচনিৰ অধীনৰ দিয়া হ’ব এই ঋণ’।‘বিগত বছৰত হ্ৰাস হৈছে বেংকৰ NPA’।‘৪ খন নতুন দেশত খোলা হ’ব ভাৰতীয় দূতাবাস’।জন ধনৰ একাউণ্টত ৫ হাজাৰ টকাৰ অ’ভাৰ ড্ৰাফ্ট।

এই বাজেটত প্ৰদূষণমুক্ত দেশ গঢ়াৰ লক্ষ্য চৰকাৰৰ’।‘প্ৰত্যেক ঘৰতে শৌচালয়, বিজুলী যোগানৰ লক্ষ্য’।‘সকলোকে ঘৰ প্ৰদান আঁচনি ৰূপায়ণত গুৰুত্ব’।‘মুদ্ৰা ঋণৰ জৰিয়তে জনতাৰ জীৱন সলনি’আৰু সৰল কৰা হ’ব চৰকাৰী প্ৰক্ৰিয়া’।‘আন্তঃগাঁথনিত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন’।‘ভাৰতীয় অৰ্থনীতি বিশ্বৰ ষষ্ঠ বৃহত্‍ অৰ্থনীতি’।

বাজেটত গ্ৰামোন্নয়ন আৰু কৃষক সকলৰ উন্নয়নৰ বাবে অধিক পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ লগতে কয় যে, PMAY- গ্ৰামোন্নয়ন আচনি অধিনত গৃহ নিৰ্মাণ কাম শেষ কৰিবলৈ ২০২২ চন লক্ষ্য কৰি লৈছে । এই আচনিৰ অধিনত ৮০ লাখ ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে আৰু ১.৯৫ নতুন বাস গৃহ গ্ৰাম্যাঞ্চলত নিৰ্মাণ কৰা হব বুলি প্ৰকাশ কৰে।