Begin typing your search above and press return to search.

কেন্দ্ৰীয় বাজেট: উপ-কৰ লগোৱাৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হব

কেন্দ্ৰীয় বাজেট: উপ-কৰ লগোৱাৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 July 2019 12:34 PM GMT

আজি সংসদত দেশৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট দাখিল কৰে। ২০১৯-২০ চনৰ বাজেটত ইন্ধনৰ কৰ বৃদ্ধি কৰাৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি হব । পেট্ৰ’লৰ প্ৰত্যেক লিটাৰত ২.৫ দাম বৃদ্ধি হব আৰু ডিজেলত ২.৩ দাম বৃদ্ধি হব ।

সীতাৰমনে আবকাৰী দায়িত্ব , পথ আৰু আন্তঃগাঁথনি উপকৰ বৃদ্ধি কৰা , প্ৰতি লিটাৰ ইন্ধনত ২ টকাকৈ বৃদ্ধি কৰিলে মুঠ ২৮,০০০ কোটি হব।

ইয়াৰ পিছত আধাৰ মূল্যত প্ৰায় ৩৫ শতাংশ Excise duty, ১৫ শতাংশ Sales tax আৰু ২ শতাংশ Custom duty লগোৱা হব।

বিত্ত মন্ত্ৰী নিৰ্মলা নিৰ্মলা সীতাৰমনে ইন্ধনত ১ শতাংশ অতিৰিক্ত উপ-কৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দাম বৃদ্ধিৰ ফলত সাধাৰণ লোকৰ ওপৰত প্ৰত্যক্ষভাৱে পৰিব প্ৰভাৱ। কৰ বৃদ্ধি হ’লে পেট্ৰ’ল আৰু ডিজেলৰো দাম বৃদ্ধি হ’ব।

নিৰ্মলা সীতাৰমণে বাজেট ভাষণত প্ৰকাশ কৰে যে এতিয়া প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলত ১ টকাৰ অতিৰিক্ত উপ-কৰ লাগিব। ইয়াৰ জৰিয়তে জমা হোৱা ধন পথ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰত খৰচ কৰা হ’ব।কেনেকৈ নিৰ্ধাৰণ কৰা হয় পেট্ৰ’ল আৰু ডিজেলৰ দৰ– যিটো মূল্যত আমি পেট্ৰ’ল পাম্পৰ পৰা পেট্ৰ’ল ক্ৰয় কৰো তাৰে প্ৰায় ৪৮ শতাংশয়ে আধাৰ মূল্য।

দেশৰ অইল মাৰ্কেটিং কোম্পানীয়ে প্ৰতিদিনে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ সমীক্ষা কৰে। নতুন দৰ পুৱা ৬ বজাৰ পৰা বলবৎ হয়।বাজেটত দাম বৃদ্ধিৰ ফলত সাধাৰণ লোকৰ ওপৰত প্ৰত্যক্ষভাৱে পৰিব প্ৰভাৱ। কৰ বৃদ্ধি হ’লে পেট্ৰ’ল আৰু ডিজেলৰো দাম বৃদ্ধি হ’ব।

অন্য খবৰৰ বাবে পঢ়ক:২০২২ ৰ ভিতৰত “সকলোৰে বাবে বাসগৃহ” নিৰ্মাণৰ লক্ষ্য: নিৰ্মলা সীতাৰমন

Next Story
চাকৰি