Begin typing your search above and press return to search.

২০২২ ৰ ভিতৰত "সকলোৰে বাবে বাসগৃহ" নিৰ্মাণৰ লক্ষ্য: নিৰ্মলা সীতাৰমন

২০২২ ৰ ভিতৰত সকলোৰে বাবে বাসগৃহ নিৰ্মাণৰ লক্ষ্য: নিৰ্মলা সীতাৰমন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 July 2019 11:40 AM GMT

শুকুৰবাৰে সংসদত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০১৯ ৰ বাজেট দাখিল কৰে । এই বাজেটত বহুকেইটা দিশত গুৰুত্ব দিছে । নৰেন্দ্ৰ মোদীৰ চৰকাৰে " প্ৰধানমন্ত্ৰী আবাস যোজনা" ৰ অধিনত গ্ৰাম্যাঞ্চলৰ বাবে গ্ৰহণ কৰা এক আচনিৰ কথা প্ৰকাশ কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে । বিত্ত মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষেকৈ "গাঁও, দুখীয়া, কৃষক" সকলক অধিক গুৰুত্ব প্ৰদান কৰিছে ।এই বাজেটত প্ৰদূষণমুক্ত দেশ গঢ়াৰ লক্ষ্য চৰকাৰৰ’।‘প্ৰত্যেক ঘৰতে শৌচালয়, বিজুলী যোগানৰ লক্ষ্য’।‘সকলোকে ঘৰ প্ৰদান আঁচনি ৰূপায়ণত গুৰুত্ব’।‘মুদ্ৰা ঋণৰ জৰিয়তে জনতাৰ জীৱন সলনি’আৰু সৰল কৰা হ’ব চৰকাৰী প্ৰক্ৰিয়া’।‘আন্তঃগাঁথনিত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন’।‘ভাৰতীয় অৰ্থনীতি বিশ্বৰ ষষ্ঠ বৃহত্‍ অৰ্থনীতি’।

বাজেটত গ্ৰামোন্নয়ন আৰু কৃষক সকলৰ উন্নয়নৰ বাবে অধিক পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ লগতে কয় যে, PMAY- গ্ৰামোন্নয়ন আচনি অধিনত গৃহ নিৰ্মাণ কাম শেষ কৰিবলৈ ২০২২ চন লক্ষ্য কৰি লৈছে । এই আচনিৰ অধিনত ৮০ লাখ ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে আৰু ১.৯৫ নতুন বাস গৃহ গ্ৰাম্যাঞ্চলত নিৰ্মাণ কৰা হব বুলি প্ৰকাশ কৰে। এই বাসগৃহ সমূহ ১১৪ দিনত নিৰ্মাণ কৰা হব বুলি প্ৰকাশ কৰিছে । ২০২২ চনৰ ভিতৰত " বাসগৃহ সকলোৰে বাবে" নিৰ্মাণ কৰা হব বুলি প্ৰকাশ কৰে।

গ্ৰাম্যাঞ্চলৰ লোকৰ বাবে আন এক সুখবৰ । প্ৰধানমন্ত্ৰী গ্ৰাম্য চৰক যোজনাৰ অধীনত পথ নিৰ্মাণৰ বাবে ৮০,২৫০ কোটি ধাৰ্য্য কৰা হৈছে । এই আচনিৰ অধিনত দেশৰ গ্ৰাম্য অঞ্চল সমূহৰ উন্নত হব । এই আচনিৰ অধিনত ১,০০০ দিনৰ ভিতৰত ১৩০-১৩৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক:কেন্দ্ৰীয় বাজেট ২০১৯ : মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম খন বাজেট

Next Story
চাকৰি