আজি সদনত দেশৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় বাজেট ২০১৯ দাখিল কৰে। মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম খন বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে । পুৰনি পৰম্পৰাক ভংগ কৰি বহী খাতাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। ব্ৰীফকেছৰ সলনি ৰঙা মোনাত বাজেট লৈ যায় ।এইবাৰৰ বাজেটক "দেশ কা বহীখাতা " বুলি আখ্যা দিয়া হৈছে ।
এইবাৰৰ বিজেটত জনসাধাৰণৰ বাবে কি কি আছে:
প্ৰদূষণমুক্ত দেশ গঢ়াৰ লক্ষ্য চৰকাৰৰ’|‘প্ৰত্যেক ঘৰতে শৌচালয়, বিজুলী যোগানৰ লক্ষ্য’|‘সকলোকে ঘৰ প্ৰদান আঁচনি ৰূপায়ণত গুৰুত্ব’|‘মুদ্ৰা ঋণৰ জৰিয়তে জনতাৰ জীৱন সলনি’আৰু সৰল কৰা হ’ব চৰকাৰী প্ৰক্ৰিয়া’|‘আন্তঃগাঁথনিত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন’|‘ভাৰতীয় অৰ্থনীতি বিশ্বৰ ষষ্ঠ বৃহত্ অৰ্থনীতি’|
কৰ-
- ৪০০ কোটি টকালৈ টাৰ্ণঅভাৰৰ কোম্পানীক কৰ ৰেহাই।
- ৪৫ লাখ টকাৰ ঘৰ কিনিলে অতিৰিক্ত ১.৫ লাখ টকাৰ ৰেহাই।
- বেংকৰ পৰা অধিক ধন উলিয়ালে লাগিব কৰ।
- বছৰত ১ কোটিৰ অধিক ধন উলিয়ালে দিব লাগিব ২ শতাংশ TDS।
- সোণ, পেট্ৰ’ল, ডিজেল, ধঁপাতৰ দাম বৃদ্ধি।
- সোণ আৰু মূল্যৱান ধাতুৰ উৎপাদন শুল্ক ১০ৰ পৰা ১২.৫ শতাংশলৈ বৃদ্ধি।
- পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ১–১ টকাৰ অতিৰিক্ত উপকৰ।
- ২ৰ পৰা ৫ কোটিৰ আয়ত ৩ শতাংশ অতিৰিক্ত কৰ।
- ২.৫ লাখ টকালৈ ইলেকট্ৰিক বাহন ক্ৰয়ত ৰেহাই।
- ই–বাহনৰ GST ১২ৰ পৰা ৫ শতাংশলৈ হ্ৰাস।
- ১ৰ পৰা ২০ টকালৈ নতুন মুদ্ৰা ঘোষণা।
- ষ্টাৰ্ট আপক এঞ্জেল কৰৰ পৰা মুক্তি
- গৃহ ঋণৰ ক্ষেত্ৰত ৩.৫ লাখ টকাৰ ৰেহাই
- ৪৫ লাখ টকাৰ ঘৰ কিনিলে ডেৰ লাখ টকা ৰেহাই
- বাজেটত মধ্যবিত্তসকলৰ বাবে সুখবৰ
- সুদ ৰেহাইৰ সীমা ২ৰ পৰা আঢ়ৈ লাখ টকালৈ বৃদ্ধি
- আধাৰৰ জৰিয়তেও দাখিল কৰিব পাৰিব আয়কৰ ৰিটাৰ্ণ
- ৫ লাখ টকালৈ দিব নালাগে আয়কৰ
- ২-৫কোটি টকাৰ আয়ৰ ক্ষেত্ৰত ৩% অতিৰিক্ত কৰ
- বৃদ্ধি পাব পেট্ৰ’ল আৰু ডিজেলৰ দাম
- পেট্ৰ’ল, ডিজেলৰ উৎপাদন কৰ হ্ৰাস
- পেট্ৰ’ল, ডিজেলত ১টকাকৈ অতিৰিক্ত উপ-কৰ
যাতায়ত-
- ৰে’লৱেৰ বিকাশৰ বাবে বাজেটত গুৰুত্ব।
- পানী আৰু গেছৰ বাবে হ’ব ৰাষ্ট্ৰীয় গ্ৰীড।
- দেশত ৬৫৭ কিলোমিটাৰ মেট্ৰ’ সেৱা আৰম্ভ।
- ৩০০ কিলোমিটাৰ নতুন মেট্ৰ’ প্ৰকল্পত অনুমোদন।
- দেশৰ ভিতৰত জলপথ আৰম্ভ কৰাৰ পৰিকল্পনা চৰকাৰৰ।
- ইলেকট্ৰনিক বাহনক গুৰুত্ব প্ৰদান বাজেটত।
- ৰিফৰ্ম, পাৰফৰ্ম আৰু ট্ৰান্সফৰ্মত গুৰুত্ব সাধাৰণ বাজেটত।
- ৱান নেশ্যন, ৱান গ্ৰীড’ৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত।
- ৰে’লৱেৰ বিকাশৰ বাবে PPP মডেলৰ ব্যৱস্থা।
- পানী আৰু গেছৰ বাবে হ’ব ৰাষ্ট্ৰীয় গ্ৰীড।
- নেচনেল ট্ৰান্সপ’ৰ্ট কাৰ্ডৰ ঘোষণা বাজেটত। ৰে’লৱে আৰু বাছত ব্যৱহাৰ কৰা হ’ব এই কাৰ্ড।
অৰ্থনীতি-
- বীমা ক্ষেত্ৰত ১০০ শতাংশ FDIত গুৰুত্ব বাজেটত।
- ক্ষুদ্ৰ ব্যৱসায়ীয়ে লাভ কৰিব পেঞ্চন, ৫৯ মিনিটতে হ’ব ঋণ মঞ্জুৰি।
- এনিমেচন কোম্পানীৰ ক্ষেত্ৰত FDI বৃদ্ধি হ’ব।
- ৩ কোটিতকৈ অধিক ক্ষুদ্ৰ ব্যৱসায়ীয়ে পাব পেঞ্চনৰ সুবিধা।
আন বিষয় সমুহ-
- ২০২২ চনলৈ সকলো গাঁৱলৈ বিদ্যুৎ যোগানৰ লক্ষ্য।
- উজ্জ্বলা আঁচনি আৰু সৌভাগ্য আঁচনিৰ জৰিয়তে পৰিৱৰ্তনৰ লক্ষ্য।
- প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে সকলো দৰিদ্ৰ পৰিয়াললৈ ঘৰ।
- সকলো পৰিয়াললৈ বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য।
- ১.৯৫ কোটি দৰিদ্ৰ পৰিয়ালক দিয়া হ’ব ঘৰ।
- শিক্ষা নীতিৰ ওপৰত ৰাষ্ট্ৰীয় অনুসন্ধান প্ৰতিষ্ঠান স্থাপনৰ ঘোষণা।
- উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈ ৪০০ কোটি টকাৰ সাহায্য প্ৰদান
- বিদেশী ছাত্ৰৰ বাবে ‘ষ্টাডী ইন ইণ্ডিয়া’ প্ৰ’গ্ৰামৰ ব্যৱস্থা কৰা হ’ব।
- প্ৰবাসী ভাৰতীয়ৰ বাবে বিনিয়োগৰ পথ সহজসাধ্য কৰাৰ চেষ্টা।
- নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান।
- জন ধন একাউণ্টধাৰী মহিলাক ৫০০ টকাৰ অভাৰড্ৰাফ্টৰ সুবিধা।
- মহিলাৰ বাবে পৃথকে এক লাখ টকাৰ মুদ্ৰা লোণৰ ব্যৱস্থা কৰা হ’ব।
- হাউছিং ফাইনেঞ্চ কোম্পানী এতিয়া RBIৰ অধীনত।
অন্য খবৰৰ বাবে পঢ়ক: ভাৰতৰ পুৰণি পৰম্পৰাক ভংগ কৰি বহী খাতাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন