শীৰ্ষ বাতৰি

কেন্দ্ৰীয় বাজেট ২০২০-২১: বাজেটক প্ৰশংসা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Sentinel Digital Desk

কেন্দ্ৰীয় বাজেট ২০২০-২১: বাজেটক প্ৰশংসা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ।১ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰে এই বৰ্ষৰ কেন্দ্ৰীয় বিত্তীয় বাজেট। উল্লেখযোগ্য যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২ ঘন্টা ৪০ মিনিট সময় একেৰাহে বাজেটৰ ভাষন প্ৰদান কৰি ভাৰতৰ সংসদীয় ইতিহাসতে দীৰ্ঘতম বাজেট ভাষনৰ ইতিহাস ৰচে ।

শনিবাৰে বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দ্বিতীয় খন বাজেট দাখিলৰ ওপৰত প্ৰধান‌ মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰি কয় যে এই বাজেট খন 'দুৰদৰ্শী' আৰু 'এক্সন প্যাকড'ৰে ভৰপুৰ ।

নিবনুৱা চৰকাৰৰ এক প্ৰধান চিন্তা, যাৰ বাবে চৰকাৰে বিৰোধী দলৰ সমালোচনাৰ সন্মুখীন হ'ব লগীয়া হৈছে ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে , কৰ্মক্ষেত্ৰৰ প্ৰধান ক্ষেত্ৰ‌ সমূহ হ'ল কৃষি , বুনিয়াদী ক্ষেত্ৰ , বস্ত্ৰ আৰু প্ৰযুক্তি । কৰ্মসংস্থাপন সৃষ্টিৰ বাবে এই চাৰিটা ক্ষেত্ৰৰ ওপৰত বাজেটত অত্যাধিক গুৰুত্ব দিয়া হৈছে ।

তেওঁ কয় যে কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ উদ্দেশ্যে ১৬ দফীয়া এক্সন প্লেন বনোৱা হৈছে যিয়ে গ্ৰামীণ অঞ্চলত কৰ্মসংস্থাপন বৃদ্ধি কৰিব । তদুপৰি বাজেটত কৃষিৰ ওপৰত একত্ৰীকৰণ দৃষ্টিভংগী দিয়া হৈছে, যিয়ে পাৰম্পৰিক পদ্ধতিৰে মৎস উৎপাদন , পশু পালন , উদ্যানতত্ব আদি ক্ষেত্ৰত মূল সংযোজন বৃদ্ধি কৰিব যাৰ ফলত কৰ্মসংস্থাপন ও বৃদ্ধি হ'ব ।

আয় আৰু অৰ্থ বিনিয়োগ এই দটা শব্দৰ ওপৰত তেওঁ পূৰ্বৰ বাজেট ভাষনত সংযোগ কৰিছিল, ইয়াৰ দ্বাৰা বাজেটে ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰাত সহায়ক হ'ব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, এই বাজেটত প্ৰযুক্তিৰ ক্ষেত্ৰত কৰ্মসংস্থাপন উৎসাহিত কৰাৰ বাবে বিশেষ প্ৰচেষ্টা লোৱা হৈছে । নতুন স্মাৰ্ট চিটি , বৈদ্যুতিক উৎপাদন, ডেটা চেন্টাৰ পাৰ্ক , জৈৱ প্ৰযুক্তি, আদি ক্ষেত্ৰ সমূহৰ বাবে বিভিন্ন নীতিগত ব্যৱস্থা গ্ৰহন কৰা হৈছে ।

তেওঁ কয় যে এনে ধৰণৰ প্ৰয়াসৰ মাধ্যমেৰে ভাৰত বৈশ্বিক মান শৃংখলাৰ মূল চাবিকাঠি হ'ব পাৰিব ।

তদুপৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰ খনে উদ্যেগিক ক্ষেত্ৰত কিমান গুৰুত্ব দিয়ে তাৰ ওপৰতো কয় ।

তেওঁ কয় যে তেওঁৰ চৰকাৰে নূন্যতম চৰকাৰ আৰু সৰ্বাধিক শাসনৰ ওপৰত গুৰুত্ব দিয়ে ।