ব্ৰেকিং নিউজ শীৰ্ষ বাতৰি

২০২০-২১ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট : বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

২০২০-২১

২০২০-২১ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট : বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

২০২০-২১ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট : বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ । কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত দাখিল কৰে ২০২০-২১ বৰ্ষৰ বিত্তীয় বাজেট । এই বৰ্ষৰ বাজেট দাখিল কৰাৰ আগতে বিত্ত মন্ত্ৰী গৰাকীয়ে পূৰ্বৰ বিত্তমন্ত্ৰী অৰুণ জেটলীক স্মৰণ কৰে ।

২০২০-২১ চনৰ বিত্তীয় বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তলত উল্লেখ কৰা হ’ল-

  • আগন্তক ২০২০-২১বিত্তীয় বৰ্ষত ২৬.৯৯লাখ কোটি টকা ব্যয়ৰ লক্ষ্য ৷
  • এই বৰ্ষৰ বাজেটত উচ্চাকাংক্ষী ভাৰতবৰ্ষ, সকলোৰে বাবে অৰ্থনৈতিক বিকাশ আৰু সকলোৰে বাবে এখন যত্নশীল সমাজ গঢ়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।
  • কেন্দ্ৰীয় চৰকাৰৰ ঋণ ২০১৪ চনৰ মাৰ্চ মাহৰ ৫২.২% ৰ পৰা ২০১৯ চনৰ মাৰ্চ মাহলৈ ৪৮.৭% হ্ৰাস।
  • পি এম কুসুম আঁচনিৰ দ্বাৰা ২০ লাখ কৃষকক সৌৰ শক্তি চালিত পাম্প যোগান ধৰাৰ পৰিকল্পনা।
  • কৃষি খণ্ডত জৈৱিক সাৰ ব্যৱহাৰৰ‌ লগতে সন্তুলিত মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগৰ বাবেও বাজেটত ধাৰ্য্য কৰা হৈছে ।
  • উদ্যেগ আৰু বানিজ্যিক বিকাশৰ ক্ষেত্ৰত ২৭,৩০০ কোটি টকা ধাৰ্য্য।
  • ২২,০০০ কোটি টকা বিদ্যুৎ আৰু নৱীকৰণ শক্তিৰ ক্ষেত্ৰত ধাৰ্য্য।
  • ১.৭ লাখ কোটি টকা বুনিয়াদী সা সুবিধা উন্নয়নৰ বাবে ধাৰ্য্য কৰা হয়।
  • ২০২৪ চনৰ ভিতৰত ইউ ডি এ এন আঁচনিৰ অধীনত ১০০ টা বিমান বন্দৰৰ বিকাশ কৰা হ’ব ।
  • শিক্ষা খণ্ডৰ বাবে ধাৰ্য্য কৰা হয় ৯৯,৩০০ কোটি টকা আৰু দক্ষতা তথা কৌশল বিকাশৰ বাবে ৩,০০০ কোটি টকা।‌
  • স্বাস্থ্য খণ্ডৰ বাবে অতিৰিক্ত ৬৯,০০০ কোটি টকা ধাৰ্য্য কৰা হয়।‌
  • পৰ্যটন প্ৰচাৰৰ বাবে ২,৫০০ কোটি টকাৰ আবন্টন।‌
  • সাংস্কৃতিক মন্ত্ৰালয়ক ৩,১৫০ কোটি টকা প্ৰদান ।
  • ৫টা পুৰাতাত্ত্বিক স্থল সংৰক্ষণৰ ব্যৱস্থা। তাৰ ভিতৰত আছে অসমৰ শিৱসাগৰ।
  • ৮৫,০০০ কোটি টকা এচ চি আৰু অ’বিচি ৰ বাবে আৰু ৫৩,০০০ কোটি টকা এচ টিৰ বাবে ধাৰ্য্য। লগতে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ সকললৈ ৯,৫০০০ কোটি টকা ধাৰ্য্য।
  • জম্মু আৰু কাশ্মীৰৰ বাবে ৩০,৭৫৭ কোটি টকা আৰু লাডাখৰ বাবে ৫,৯৫৮ কোটি টকা ধাৰ্য্য।
  • অনুসূচিত জনজাতিৰ বিকাশ আৰু উন্নয়নৰ বাবে ৫৩,৭০০ কোটি টকা।
  • জ্যেষ্ঠ নাগৰিক সকললৈ ৯,০০০ কোটি টকা।
  • স্বচ্ছ ভাৰত মিছনৰ বাবে ১২হেজাৰ তিনিশ কোটি টকা ধাৰ্য ৷
  • বছৰি ২.৫ লাখৰ পৰা পাঁচ লাখ টকালৈকে ৫শতাংশ আয়কৰ ৷
  • নামমাত্ৰ বা নমিনেল জি ডি পি (য’ত উৎপাদন আৰু বৃদ্ধিক সামৰি লোৱা হয়) ১০শতাংশলৈ বৃদ্ধিৰ আশা
  • ভাৰতীয় জীৱন বীমা(এল আই চি)ত নিৰ্বিনিয়োজন ৷ আই পি অ’ৰ জড়িয়তে চৰকাৰে এল আই চিত থকা চৰকাৰী অংশ বিক্ৰী কৰিব ৷
  • ২০২২ৰ ভিতৰত কৃষকৰ উৎপাদন দুগুণলৈ বৃদ্ধিৰ লক্ষ্য ৷
  • পাঁচ বছৰলৈ ষ্টাৰ্টআপসমূহক কৰ ৰেহাই ৷
  • উদ্যোগ-প্ৰতিষ্ঠানক লভ্যাংশ বিতৰণ কৰৰ পৰা ৰেহাই ৷
  • সৰলীকৃত নতুন আয়কৰ ব্যৱস্থাৰ সংযোজন ৷
  • বিত্তীয় ঘাটি জি ডি পিৰ ৩.৩ শতাংশত সীমাৱদ্ধ ৰখাৰ লক্ষ্য ৷
  • বেংকত গ্ৰাহকে জমা ৰখা ধনৰ ক্ষেত্ৰত বীমাপ্ৰাপ্তি এক লাখ টকাৰ পৰা ৫লাখ টকালৈ বৃদ্ধি ৷
  • জলবায়ু পৰিৱৰ্তন নীতিৰ বাবে চাৰি হেজাৰ চাৰিশ কোটি টকা মুকলি ৷
  • “ভাৰত নে’ট”ৰ বাবে ছহেজাৰ কোটি টকাৰ প্ৰস্তাৱ ৷
  • “ভাৰত নে’টত এক লাখ গাঁও পঞ্চায়তক সামৰি লোৱা হ’ব ৷
  • আধাৰ নিৰ্ভৰ কৰ পৰীক্ষণ ব্যৱস্থাৰ সংযোজন ৷
  • ২০১৪ৰ ভিতৰত এশ বিমানকোঠৰ উন্নয়ন সাধনৰ লক্ষ্য ৷
  • ১১ হেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথৰ বৈদ্যুতিকৰণৰ লক্ষ্য ৷
  • উদ্যোগ আৰু বাণিজ্যৰ উন্নতি সাধনৰ বাবে ২৭, ৩০০কোটি টকা ধাৰ্য ৷
  • দেশৰ সকলো জিলাক ৰপ্তানীৰ কেন্দ্ৰ(hub)ত পৰিণত কৰাৰ লক্ষ্য ৷
  • ৰাষ্ট্ৰীয় নীতি বিশ্ববিদ্যালয় (National Policy University)স্থাপনৰ লক্ষ্য ৷
  • প্ৰতিৰক্ষা শিতানত ১.৩৩লাখ টকা ধাৰ্য ৷ ২০১৯-২০ত ইয়াৰ পৰিমাণ ১.১৭ লাখ কোটি টকা আছিল ৷

 

  • মহিলাসকলৰ বাবে ৰূপায়িত আঁচনিসমূহৰ বাবে ২৮হেজাৰ তিনিশ কোটি টকা ধাৰ্য ৷
  • ২০২০-২১ত চৰকাৰী আয় ২২.৪৬লাখ কোটি টকা হ’ব বুলি ধাৰ্য কৰা হৈছে ৷
  • কৰ্প’ৰেট কৰ বিশ্বৰ ভিতৰতে সৰ্বনিম্ন ১৫শতাংশ ৷
  •  কৃষি ঋণ হিচাপে ১৫ লাখ কোটি টকা আদায়ৰ লক্ষ্য ৷
  •  কৃষি আৰু সংলগ্ন কাম-কজ, গ্ৰামোন্নয়ন আৰু জলসিঞ্চনৰ বাবে ২.৮৩লাখ কোটি টকা ধাৰ্য ৷
  •  ভাৰতীয় ৰেলে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জড়িয়তে কিষান ৰেল স্থাপন কৰিব ৷ ইয়াৰ জড়িয়তে খাদ্য-সামগ্ৰীৰ পৰিবহন কৰা হ’ব ৷

কৰদাতা সকলৰ বাবে ৰেহাই –

৫ ৰ পৰা ৭.৫ লাখ টকা উপাৰ্জনকাৰী সকলে দিব লাগিব ১০% আয়কৰ ।

৭.৫ ৰ পৰা ১০ লাখ টকা উপাৰ্জনকাৰী সকলে দিব লাগিব ১৫% আয়কৰ ।

১০ ৰ পৰা ১২.৫ লাখ উপাৰ্জনকাৰী সকলে ২০% শতাংশ আয়কৰ । পূৰ্বে ইয়াৰ পৰিমান আছিল ৩০% ।

১২ৰ পৰা ১৫ লাখ টকা উপাৰ্জনকাৰী সকলে দিব লাগিব ২৫ % আয়কৰ ।

১৫ লাখ টকাৰ অধিক উপাৰ্জনকাৰী সকলে দিব লাগিব ২৫% আয়কৰ ।

অন্য খবৰৰ বাবে পঢ়ক : জি এম চি এইচ প্ৰেক্ষাগৃহত ষ্টাফ নাৰ্ছ আৰু ছাৰ্ভাইলেন্স কৰ্মীক নিযুক্তি পত্ৰ বিতৰণ স্বাস্থ্য মন্ত্ৰীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : Six cattle laden trucks seized by Police in Nagaon