Begin typing your search above and press return to search.

জি এম চি এইচ প্ৰেক্ষাগৃহত ষ্টাফ নাৰ্ছ আৰু ছাৰ্ভাইলেন্স কৰ্মীক নিযুক্তি পত্ৰ বিতৰণ স্বাস্থ্য মন্ত্ৰীৰ

জি এম চি এইচ প্ৰেক্ষাগৃহত ষ্টাফ নাৰ্ছ আৰু ছাৰ্ভাইলেন্স কৰ্মীক নিযুক্তি পত্ৰ বিতৰণ স্বাস্থ্য মন্ত্ৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Feb 2020 7:47 AM GMT

জি এম চি এইচ প্ৰেক্ষাগৃহত ষ্টাফ নাৰ্ছ আৰু ছাৰ্ভাইলেন্স কৰ্মীক নিযুক্তি পত্ৰ বিতৰণ স্বাস্থ্য মন্ত্ৰীৰ ।ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি চৰকাৰী নাৰ্চৰ ব্যৱহাৰ এক অস্বস্তিদায়ক প্ৰশ্ন হৈ পৰিছে ।

মহানগৰীৰ ভাঙাগড় অৱস্থিত জি এম চি এইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত শুকুৰবাৰে ছাৰ্ভাইলেন্স কৰ্মী আৰু ষ্টাফ নাৰ্ছৰ নিযুক্তি পত্ৰসমূহ বিতৰণ কৰে ।‌ এই নিযুক্তি পত্ৰ সমূহ বিতৰণ কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, চাকৰিৰ বাবে বহুতো বিভাগ আছে য'ত এজনে কাম কৰিব পাৰে। কিন্তু যেতিয়া কোনো এজনে স্বাস্থ্য বিভাগত অন্তৰ্ভুক্ত হোৱাৰ সিদ্ধান্ত লয় তেওঁ প্ৰথমে সেৱাৰ মানসিকতা বিকাশ কৰা উচিত। লগতে তেওঁ কয় যে," যেতিয়া মই জি এম চি এইচৰ শিশু যত্ন ৱাৰ্ডত প্ৰৱেশ কৰিছিলো তেতিয়া মই এগৰাকী নাৰ্ছে তেওঁৰ সহযোগী কৰ্মচাৰীক কোৱা শুনিছিলো যে ১ , ২ ইত্যাদি নংৰ ৰোগীৰ মৃত্যু হৈছে । এনে লাগে যে নাৰ্ছ সকলৰ মাজত এটা শিশু কমি যোৱাতো কেৱল মাত্ৰ এক সংখ্যা । কিন্তু এয়া শিশু জনৰ পিতৃ মাতৃৰ বাবে বিপৰীত, সেয়া তেওঁলোকৰ মৰমৰ শিশু আছিল।প্ৰায় ৫০% নাৰ্ছে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে অভদ্ৰভাৱে কথা কয় । মই পৰিয়ালৰ লোকৰ পৰা বিভিন্ন অভিযোগ লাভ কৰিছো । এয়াই এক কাৰণ যে ব্যক্তিগত নাৰ্ছিং হোমৰ চিকিৎসা পচন্দ কৰে । ৰোগী জনে চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত নাৰ্ছিং হোমত একেই চিকিৎসা লাভ কৰে পাৰ্থক্য মাত্ৰ এটাই সেয়া হ'ল তেওঁ লোকৰ ভাষা" ।

লগতে তেওঁ কয় যে, "আমি ব্যৱস্থা গ্ৰহন কৰিব পাৰো, কিন্তু তেওঁলোকৰ কিমানৰ বিৰুদ্ধে? আমি কেৱল ৰাজ্যৰ কিছু সংখ্যক নাৰ্ছ আৰু চিকিৎসকৰহে ওচৰ চাপিব পাৰিম। এয়া পৰিস্থিতি চিকিৎসক সকলৰ মাজতো দেখা যায়। মই এজন চিকিৎসকৰ ভিডিঅ' লাভ কৰিছিলো যাৰ ব্যৱহাৰ ব্যক্তিগত চিকিৎসালয় আৰু চৰকাৰী চিকিৎসালয়ত পৃথক "।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, "বিশেষকৈ দুখীয়া লোক খিনিয়ে চৰকাৰী চিকিৎসালয়লৈ আহে । তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰা হয় কিয়নো তেওঁলোক দুখীয়া । যদি কোনো লোক উচ্চ পদস্থ বিষয়াৰ পৰিয়ালৰ ব্যক্তি চৰকাৰী চিকিৎসালয়ত ভৰ্তি হয় সেই একেই চিকিৎসালয় ষ্টাফৰ ব্যৱহাৰ সলনি হয় ।

এই সভাত উপস্থিত থাকি মন্ত্ৰী পিয়ুষ হাজৰিকাই ও এই সভাত মন্তব্য আগবঢ়ায়।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনে মহাত্মা গান্ধীৰ ইচ্ছা পূৰণ কৰিব : ৰামনাথ কোবিন্দ

ভিডিঅ প্ৰতক্ষ্য কৰক : Me-Dam-Me-Phi observed in Upper Assam’s Duliajan, Namrup and Naharkatia

Next Story
চাকৰি