Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইনে মহাত্মা গান্ধীৰ ইচ্ছা পূৰণ কৰিব : ৰামনাথ কোবিন্দ

নাগৰিকত্ব সংশোধনী আইনে মহাত্মা গান্ধীৰ ইচ্ছা পূৰণ কৰিব : ৰামনাথ কোবিন্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Feb 2020 5:46 AM GMT

নাগৰিকত্ব সংশোধনী আইনে মহাত্মা গান্ধীৰ ইচ্ছা পূৰণ কৰিব : ৰামনাথ কোবিন্দ । শুকুৰবাৰে সংসদৰ সংযুক্ত বৈকঠ সম্বোধন কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ প্ৰণয়ন কৰা কেন্দ্ৰৰ সিদ্ধান্তই জাতিৰ পিতা মহাত্মা গান্ধীৰ ইচ্ছা পূৰণ কৰাৰ ক্ষেত্ৰত এক পদক্ষেপ আৰু কাশ্মীৰৰ পৰা ৩৭০ নং আৰু ৩৫(A) অনুচ্ছেদ বাতিল কৰাটোও এক ঐতিহাসিক পদক্ষেপ।

সংবিধানে প্ৰত্যোক নাগৰিকৰ অধিকাৰ ৰক্ষাৰ কৰাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে নাগৰিক সকলে নিজৰ কৰ্তব্যৰ প্ৰতি সজাগ হ'ব লাগে আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে লোৱা নিৰ্ণয় দেশৰ জনসাধাৰণে মানি ল'ব লাগে।

লগতে তেওঁ কয় যে আমাৰ সংবিধানে আশা কৰে যে সংসদ আৰু ইয়াত উপস্থিত থকা প্ৰতিগৰাকী সদস্যই দেশবাসীৰ আশা আৰু আকাংক্ষা পূৰণ কৰিব ৰাষ্ট্ৰীয় স্বাৰ্থক গুৰুত্ব প্ৰদান কৰা প্ৰয়োজনীয় আইন তৈয়াৰ কৰিব।

বিগত বৰ্ষৰ শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী আইন সংসদৰ দ্বাৰা গৃহীত হোৱাৰ পিছত ১০ জানুৱাৰী তাৰিখে কাৰ্যকৰী হয় । তাৰ ওপৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে মহাত্মা গান্ধীয়ে কৈছিল যে পাকিস্তানত বাস কৰা হিন্দু আৰু শিখ সকল যি সকলে তাত থাকিব নিবিচাৰে তেওঁলোক ভাৰত আহিব পাৰে ।

তেওঁ কয় যে, "বিভিন্ন ৰাষ্ট্ৰৰ নেতা আৰু ৰাজনৈতিক দলে সময়ে সময়ে পূজ্য বাপুৰ আদৰ্শ সমৰ্থন কৰি আহিছে আৰু ইয়াক প্ৰচাৰো কৰিছে । জাতিৰ পিতাৰ ইচ্ছা পূৰণ কৰা আমাৰ দায়িত্ব। মই অত্যন্ত সুখী যে সংসদৰ দুয়োখনে সদনে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰিছে "।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশত হোৱা‌ হিংসাত্মক প্ৰতিবাদৰ ওপৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্পষ্ট ৰূপত কয় যে এই পদ্ধতি পৃথিৱীৰ সকলো ধৰ্মৰ লোকৰ বাবে বিদ্যমান যিয়ে ভাৰতবৰ্ষক বিশ্বাস কৰে আৰু ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে ।‌ যি কোনো লোকেই এই প্ৰক্ৰিয়াৰ অনুসৰণ কৰি ভাৰতৰ নাগৰিক হ'ব পাৰে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে হিংসাত্মক বিৰোধিৰ নিন্দা কৰি কয় যে, " মোৰ চৰকাৰে দৃঢ় দৃষ্টিভংগী কৰিছে যে পাৰস্পৰিক আলোচনা আৰু বিতৰ্কিই গণতন্ত্ৰ শক্তিশালী কৰে" ।

আইন অনুসৰি হিন্দু ,খ্ৰীষ্টান, শিখ ,পাৰ্চী আৰু জৈন যি সকলে ২০১৪ চনৰ ৩১ ডিচেম্বৰ তাৰিখৰ আগলৈকে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছে সেই সকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব।

সংবিধানৰ ৩৭০ আৰু ৩৫(A) নং অনুচ্ছেদ বাতিল কৰাৰ ওপৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে, "সাতটা দশকৰ পিছত সমগ্ৰ দেশ সুখী যে কোটি কোটি স্বতন্ত্ৰ যোদ্ধাৰ সপোন‌ পূৰণ হৈছে আৰু জম্মু, কাশ্মীৰ আৰু লাডাখৰ দলিত আৰু মহিলা সকলে সকলো অধিকাৰ লাভ কৰিছে যি সমগ্ৰ দেশৰ লোকে লাভ কৰে ।

তদুপৰি আন বহু দিশ সাঙুৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিজৰ বক্তব্য প্ৰদান কৰে।

অন্য খবৰৰ বাবে পঢ়ক : গুৱাহাটীৰ এক অনুষ্ঠানত এন ডি এফ বিৰ চাৰিওটা গোটৰ ১৫০০ জন কেডাৰৰ অস্ত্ৰ সম্বৰণ

ভিডিঅ প্ৰতক্ষ্য কৰক : 75th Biennial Session of Axom Sahitya Sabha begins in Sualkuchi

Next Story
চাকৰি