Begin typing your search above and press return to search.

গুৱাহাটীৰ এক অনুষ্ঠানত এন ডি এফ বিৰ চাৰিওটা গোটৰ ১৫০০ জন কেডাৰৰ অস্ত্ৰ সম্বৰণ

গুৱাহাটীৰ এক অনুষ্ঠানত এন ডি এফ বিৰ চাৰিওটা গোটৰ ১৫০০ জন কেডাৰৰ অস্ত্ৰ সম্বৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Jan 2020 7:54 AM GMT

গুৱাহাটীৰ এক অনুষ্ঠানত এন ডি এফ বিৰ চাৰিওটা গোটৰ ১৫০০ জন কেডাৰৰ অস্ত্ৰ সম্বৰণ। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজন কৰা হয় আনুষ্ঠানিক অস্ত্ৰ সম্বৰণ অনুষ্ঠান । এই আনুষ্ঠানিক অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত উপস্থিত থাকে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিভিন্ন আৰক্ষী অধিকাৰী । চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে সকলোৱে।

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সমাৰোহত সম্বোধন কৰি কয় যে আজিৰ দিনটো অসম বাসী তথা ভাৰতবৰ্ষৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন । তেওঁ এই পদক্ষেপক স্বাগতম জনায় আৰু বড়ো আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিয়া সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তদুপৰি তেওঁ সেনা, আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ সদস্য সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে যি সকলে বিদ্ৰোহৰ বিৰুদ্ধে যুঁজি প্ৰাণ হেৰুৱাইছে। লগতে তেওঁ কয় যে কেডাৰ সকলৰ পুণৰ্বাসত অগ্ৰাধিকাৰ দিয়া হ'ব যাতে তেওঁলোকে সমাজৰ মূলসূঁতিলৈ আনিব পৰা যায় ।

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বি টি চিৰ পৰা অ বড়ো গাঁও ওলাই যোৱাৰ ব্যৱস্থা কৰা হ'ব। লগতে নতুন গাওঁ সংলগ্ন কৰা হ'ব। তদুপৰি তেওঁ কয় যে আগন্তুক বিধান সভা অধিবেশনত বড়োলেণ্ডৰ বাহিৰত থকা বড়ো লোক সকলৰ বাবে বড়ো- কছাৰী কাউন্সিল গঠনৰ বিল আনিব ।

এই সমাৰোহৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহক তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

অস্ত্ৰ সম্বৰণ অনুষ্ঠানৰ মঞ্চৰ পৰাই বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা (স্বাধীন) আৰু পৰেশ বৰুৱাক অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত এক মুকলি শান্তি আলোচনাত মিলিত হ'বলৈ আহ্বান জনায় , যাতে বহু দশক পুৰণি আন্দোলনৰ সমাপ্ত হয় ।

সোমাবাৰে অসম চৰকাৰ, কেন্দ্ৰ চৰকাৰ আৰু এন ডি এফ বিৰ চাৰিটা গোটৰ মাজত স্বাক্ষৰ হৈছিল বড়ো শান্তি চুক্তি ।এই শান্তি চুক্তিৰ জৰিয়তে বড়ো সকলৰ অৰ্থনৈতিক সামাজিক উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপৰ ঘোষণা কৰা হৈছিল। তদুপৰি অঞ্চল‌ সমূহত বিকাশৰ বাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানো গঢ়ি তোলা হব ।

এই পদক্ষেপৰ দ্বাৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে চলিত মাহৰ প্ৰথম ভাগত ৮ টা উগ্ৰপন্থী সংগঠনৰ ৬৪৪ জন নেতা কেডাৰে অস্ত্ৰ শস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ উভতি আহিছিল । তাৰ পিছতেই আজি ১৫০০ নেতা কেডাৰৰ অস্ত্ৰ সম্বৰণে বড়ো সকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলায় অশান্ত পৰিৱেশৰ ওৰ পেলাব বুলি আশা কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নয়ে বড়োলেণ্ডত অশান্তি আনিব পাৰে-: তৰুণ গগৈ

ভিডিঅ প্ৰতক্ষ্য কৰক : APYC in Guwahati demands unconditional release of President Kamrul Islam Choudhury

Next Story
চাকৰি