বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'নয়ে বড়োলেণ্ডত অশান্তি আনিব পাৰে-: তৰুণ গগৈ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'নয়ে বড়োলেণ্ডত অশান্তি আনিব পাৰে-: তৰুণ গগৈ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'নয়ে বড়োলেণ্ডত অশান্তি আনিব পাৰে-: তৰুণ গগৈ । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২৭ জানুৱাৰী তাৰিখে স্বাক্ষৰ হোৱা বড়ো শান্তি চুক্তিৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বুধবাৰে তেওঁৰ বাসগৃহত সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে বি টি আৰ এ বড়োলেণ্ড অঞ্চলত শান্তিৰ পৰিৱৰ্তে অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

তেওঁ কয় যে বি টি এ ডিত বাস কৰা অধিক সংখ্যক লোকে নতুন বড়ো চুক্তি খনক স্বীকাৰ কৰা নাই আৰু বহুতো লোকে এই বড়ো শান্তি চুক্তিৰ বিৰোধিতা কৰিছে । যেতিয়া বড়ো শান্তি চুক্তিৰ স্বাক্ষৰ হৈছিল তেতিয়া সেই অঞ্চলৰ অ বড়ো লোক সকলৰ মতামত গ্ৰহন কৰা হোৱা নাছিল । তেওঁলোকে সেই অঞ্চল সমূহত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে ।

কংগ্ৰেছৰ বিশিষ্ট নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লগতে কয় যে এয়া অশান্তি কাৰ্বি আংলং পৰ্যন্ত বৃদ্ধি হ'ব পাৰে কিয়নো তাত বাপ কৰা বড়ো লোক সকলক এছ টি (এইচ) ৰ মৰ্যদা দিয়া হৈছে। তেওঁ কয় যে কাৰ্বি আংলং জিলাৰ বড়ো লোকসকল এই সম্পৰ্কে সজাগ নাছিল আৰু ইয়াৰ সম্পৰ্কে কাৰ্বি আংলঙৰ প্ৰতিনিধি সকলৰ সৈতে কোনো ধৰণৰ চৰ্চা বা আলোচনা হোৱা নাছিল । গতিকে এতিয়া সেই ক্ষেত্ৰৰ অন্য সম্প্ৰদায়ৰ লোক সমূহেও চৰকাৰৰ ওচৰত একেই সুবিধাৰ বাবে দাবী কৰিব ।

উল্লেখযোগ্য যে ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে স্বাক্ষৰ হয় ঐতিহাসিক বড়ো শান্তি চুক্তি। অসমৰ ভৌগোলিক অখণ্ডতা অক্ষুণ্ণ ৰাখি বড়ো সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে স্বাক্ষৰিত হয় ঐতিহাসিক বড়ো শান্তি চুক্তি। তৃতীয় খন বড়ো শান্তি চুক্তি স্বাক্ষৰ হয় কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এন ডি এফ বিৰ চাৰিওটা গোটৰ সৈতে ।এই চুক্তি স্বাক্ষৰ কৰাৰ ফলত বড়ো সকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰে । এই বড়ো শান্তি চুক্তিৰ স্বাক্ষৰৰ ফলত দেখা যায় বড়ো লোক সকলৰ মাজত আনন্দ উল্লাস। কিন্তু তাৰ মাজতে বহু অ বড়ো সংগঠনে বিৰোধিতা কৰিছে এই বড়ো শান্তি চুক্তিৰ। তেওঁলোকৰ অভিযোগ অনুসৰি এই চুক্তিৰ স্বাক্ষৰৰ সময়ত অ বড়ো লোক সকলৰ কোনো মতামত গ্ৰহন কৰা হোৱা নাছিল । লগতে এই বড়ো শান্তি চুক্তি এক পাক্ষিক বুলি দাবী কৰে বহু অ বড়ো সংগঠনে। কিন্তু এই বড়ো শান্তি চুক্তি বড়ো লোক সকলৰ অৰ্থনৈতিক ৰাজনৈতিক বিকাশৰ বাবে লাভাৱান্বিত হোৱাৰ সম্ভাৱনা আছে।

ভিডিঅ প্ৰতক্ষ্য কৰক : APYC in Guwahati demands unconditional release of President Kamrul Islam Choudhury

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com