Begin typing your search above and press return to search.

চিন্তা কৰাৰ কোনো কাৰণ নাই : অবড়ো সকলক আশ্বাস গোবিন্দ বসুমতাৰীৰ

চিন্তা কৰাৰ কোনো কাৰণ নাই : অবড়ো সকলক আশ্বাস গোবিন্দ বসুমতাৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Jan 2020 6:06 AM GMT

চিন্তা কৰাৰ কোনো কাৰণ নাই : অবড়ো সকলক আশ্বাস গোবিন্দ বসুমতাৰীৰ । গুৱাহাটীৰ এক অনুষ্ঠানত এন ডি এফ বিৰ সদস্য সকলে অস্ত্ৰ শস্ত্ৰ জমা দিৱাৰ এদিন পূৰ্বে এন ডি এফ বি (পি) ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে কয় যে ৰাজ্যৰ বড়ো অধ্যুষিত অঞ্চল সমূহত বড়ো আৰু অ বড়ো লোক সকলৰ শান্তি আৰু সামাজিক অৰ্থনৈতিক দিশ সমূহ উন্নয়নৰ বাবে স্বাক্ষৰ হৈছে বড়ো চুক্তি।‌

বৃহস্পতিবাৰে গুৱাহাটীৰ এক অনুষ্ঠানত এন ডি এফ বি গোটৰ অন্যান্য কেডাৰ সহ গোটটোৰ প্ৰায় ৯৫০ কেডাৰে অস্ত্ৰ শস্ত্ৰ ত্যাগ কৰিব ।

দা চেন্টিনেলৰ আগত গোবিন্দ বসুমতাৰীয়ে কয় যে , " ২৭ জানুৱাৰী তাৰিখে বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ পিছত অ বড়ো সকলৰ এটি অংশই তেওঁলোকৰ ভৱিষ্যত সম্পৰ্কে আশংকিত হৈছে । কিন্তু আমি তেওঁলোকক আশ্বাস দিব বিচাৰো যে প্ৰস্তাৱিত ক্ষেত্ৰৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে বড়ো আৰু অ বড়ো সকলে এটি দল হিচাপে কাম কৰিম ।‌ বড়ো চুক্তিৰ ফলত কেৱল যে বড়ো লোক সকলৰেই উপকাৰ হ'ব এনে নহয় ইয়াৰ দ্বাৰা অ বড়ো আৰু সমগ্ৰ ৰাজ্য লাভাৱান্বিত হ'ব। বড়ো সকলৰ উন্নয়ন অসমৰ উন্নয়নৰ সমতুল্য" ।

এই বড়ো চুক্তি স্বাক্ষৰ কৰাৰ ফলত বড়ো সকল অসমৰ পৰা বিচ্ছিন্ন হৈ যাব বুলি কৰা সন্দেহৰ ওপৰত গোবিন্দ বসমুতাৰীয়ে কয় যে বড়ো সকল পূৰ্বৰ পৰাই অসমৰ এটি অংশ হিচাপে আছে । আমি পৃথক ৰাজ্যৰ দাবী কৰিছিলো। কিন্তু এতিয়া আমি যি লাভ কৰিছো সেয়া ৰাজ্যতকৈ বহু ওপৰত । চুক্তিৰ আধাৰত আমি যি সমূহ লাভ প্ৰাপ্ত কৰিছো সেই সমূহৰ কিছুমান ৰাজ্যৰ তুলনাত অধিক পৰ্যাপ্ত " ।

এন ডি এফ বি‌(পি) ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে কয় যে , "আমি চৰকাৰৰ লগত ২০০৫ চনৰ ২৫ মে' তাৰিখে যুদ্ধ বিৰতি চুক্তি কৰিছিলো । যুদ্ধ‌ বিৰতি চুক্তি স্বাক্ষৰ কৰাৰ সময়ত দুটা মনোনীত শিবিৰত ১,১৫৩ কৰ্মী নিযুক্তি দিছিল তাৰে এটা আছে কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰী আৰু দ্বিতীয়টো ওদালগুৰিত "।

উল্লেখযোগ্য যে ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে স্বাক্ষৰ হয় ঐতিহাসিক বড়ো শান্তি চুক্তি। অসমৰ ভৌগোলিক অখণ্ডতা অক্ষুণ্ণ ৰাখি বড়ো সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে স্বাক্ষৰিত হয় ঐতিহাসিক বড়ো শান্তি চুক্তি। তৃতীয় খন বড়ো শান্তি চুক্তি স্বাক্ষৰ হয় কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এন ডি এফ বিৰ চাৰিওটা গোটৰ সৈতে ।

অন্য খবৰৰ বাবে পঢ়ক : কা ৰ বিৰুদ্ধে অসম নাগৰিক‌ সমজৰ মানৱ শৃংখল কাৰ্যসূচীৰ আহ্বান

ভিডিঅ প্ৰতক্ষ্য কৰক : Drug Racket Busted in Naharkatia, 10 Apprehended

Next Story
চাকৰি