শীৰ্ষ বাতৰি

আমি জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ অসম চুক্তি সম্পৰ্কত সোণোৱাল

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কৃষণ ৰেড্ডীয়ে এটা লিখিত প্ৰশ্নৰ উত্তৰ দি কয় যে উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন অসম চৰকাৰৰ ওচৰত আছে ৷

Sentinel Digital Desk

"আমি ৰাজ্যৰ জনতাক দিয়া প্ৰতিশ্ৰতি পূৰণ কৰিম"৷ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়নৰ বাবে কেন্দ্ৰৰ দ্বাৰা গঠিত উচ্চ পৰ্যায়ৰ সমিতিখনৰ প্ৰতিবেদনক লৈ সৃষ্টি হোৱা নতুন বিতৰ্ক সম্পৰ্কত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে ৷

বুধবাৰে সোণোৱালে কয়, " উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হৈছিল যাতে অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ন কৰিব পাৰি ৷ চৰকাৰে সন্মান সহকাৰে সমিতিৰ প্ৰতিবেদন গ্ৰহণ কৰিছে আৰু এই প্ৰতিবেদনত সন্নিৱিষ্ট পৰামৰ্শাৱলী ৰূপায়নৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷ মই নিশ্চয়তা দিছো যে আমি জনতাক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰা হ'ব ৷" উল্লেখ্য মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পূৰ্বে কালি সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কৃষণ ৰেড্ডীয়ে এটা লিখিত প্ৰশ্নৰ উত্তৰ দি কয় যে উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন অসম চৰকাৰৰ ওচৰত আছে ৷ এই প্ৰতিবেদন সম্প্ৰতি অসম চৰকাৰে পৰীক্ষা-নিৰীক্ষা কৰি আছে ৷

সেয়েহে প্ৰতিবেদনখন মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰক প্ৰদান কৰিলেনে নাই তাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে ৷ উল্লেখ্য যে ২০১৯ৰ ১৫জুলাইত অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়নৰ উদ্দেশ্যে এই উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰে ৷ অসম চুক্তিৰ ষষ্ঠ দফাৰ জৰিয়তে অসমীয়া মানুহৰ ভাষিক, সাংস্কৃতিক, ঐতিহ্য আৰু সামাজিক পৰিচয় সুৰক্ষিত, সংবৰ্ধিত আৰু সংৰক্ষণ কৰিব বিচৰা হৈছে ৷

আনহাতে, উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন সম্পৰ্কত আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয় যে কেন্দ্ৰীয় মন্ত্ৰী ৰেড্ডীয়ে সংসদত কৰা মন্তব্যৰ জৰিয়তে প্ৰতিপন্ন হৈছে যে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে অসমৰ মানুহক প্ৰতাৰণা কৰিলে ৷ যিহেতু এই উচ্চ পৰ্যায়ৰ সমিতি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰিছিল, গতিকে সমিতিৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে পৰীক্ষা কৰিব নোৱাৰে বুলি আছু নেতাজনে মন্তব্য কৰে ৷ তেওঁ লগতে মুখ্যমন্ত্ৰীক এই প্ৰতিবেদন দাখিল কৰিলেনে নে নাই, সেয়া স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনায় ৷