শীৰ্ষ বাতৰি

ক'ৰ'নাঃ তথ্য গাপ দিয়াত চীনৰ অংশীদাৰ হৈছিল বিশ্ব স্বাস্থ্য সংস্থা

Sentinel Digital Desk

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বা এই মহামাৰীত মৃতকৰ সংখ্যা তথ্য চীনে গাপ দিলে বিশ্বৰ বিভিন্ন প্ৰান্তত উত্থাপিত অভিযোগে সম্প্ৰতি নতুন মোৰ ল'লে ৷ চীনক ক'ৰ'নাৰ তথ্য গাপ দিয়াৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থা(হো)-ই সহায় কৰা বুলি অভিযোগ উত্থাপন কৰিছে দেশখনৰে এগৰাকী ভাইৰাছবিদে ৷ কিছুদিন পূৰ্বে ভাইৰাছবিদ ডাঃ লাই-মেং য়ানে অভিযোগ কৰিছিল যে ক'ৱিড-১৯ভাইৰাছ চীনে পৰীক্ষাগাৰত সৃষ্টি কৰিছিল। ইয়াৰ প্ৰাৰম্ভিক গৱেষণাত তেৱোঁ জৰিত আছিল।

সম্প্ৰতি ডাঃ য়ানে অভিযোগ কৰিছে যে কৱিড-১৯সম্পৰ্কীয় তথ্য গাপ দিয়াত চীনৰ অংশীদাৰ আছিল বিশ্ব স্বাস্থ্য সংস্থা ৷ উল্লেখ্য যে ক'ৱিড-১৯ৰ প্ৰথম প্ৰাদুৰ্ভাব ঘটিছিল চীনৰ য়ুহানত। শেহতীয়া এটা সাক্ষাতকাৰত ডাঃ য়ানে কয় যে চীনে ক'ৱিড-১৯পৰীক্ষাগাৰত সৃষ্টি কৰা সম্বন্ধীয় বহু তথ্য-প্ৰমাণ তেওঁৰ ওচৰত আছে ৷ "ইয়াৰ জিনীয় সজ্জা মানুহৰ ফিংগাৰপ্ৰিণ্টৰ লেখীয়া ৷ মই এই তথ্য ব্যৱহাৰ কৰি কম যে চীনৰ পৰীক্ষাগাৰৰ পৰা এই ভাইৰাছ ওলাইছে," বিজ্ঞানীগৰাকীয়ে এইদৰে কয় ৷ উল্লেখ্য যে সম্প্ৰতি ডাঃ য়ানে আত্মগোপন কৰি আছে ৷