শীৰ্ষ বাতৰি

ছ’চিয়েল মিডিয়াত হাঁহিৰ খোৰাক দিয়া পেৰাগ্লাইডিঙ কৰা যুৱকজন কোন জানেনে?

Sentinel Digital Desk

বিগত সপ্তাহত পেৰাগ্লাইডিং কৰা এজন বিশেষ যুৱকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৷ যুৱকজনে পেৰাগ্লাইডিং কৰি জীৱনটো যেনে তেনে ৰক্ষাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। যুৱকজনৰ পেৰাগ্লাইডিং কৰা সময়ত মন্তব্যক সকলোকে আমোদ দিয়াৰ লগতে মিমী আৰু জিআইএফলৈ পৰিৱৰ্তন কৰিছিল ৷

কিন্তু আপোনানোকে জানেনে ভিডিঅ’টিত দেখা এই যুৱকজন নাম কি? যুৱকজনৰ ঘৰ ক’ত ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি যুৱকজনৰ ঘৰ উত্তৰ প্ৰদেশৰ বান্দ্ৰাত ৷২৪ বছৰীয়া বিপিন সাহু নামৰ যুৱকজনে কৰিছিল পেৰাগ্লাইডিং। বিপিনে বন্ধু বান্ধৱৰ লগত চলিত বৰ্ষত মানালীলৈ গৈছিল। মানালীলৈ গৈ যুৱকজনে প্ৰথমবাৰৰ কাৰণে পেৰাগ্লাইডিঙ কৰাৰ চেষ্টা কৰিলে।বিপিন চাহুৱে প্ৰথমতেই ওপৰলৈ যাবলৈ ভয় কৰিছিল ৷ কিন্তু নিজৰ বন্ধু বান্ধৱৰ বহু অনুৰোধৰ পিছত পেৰাগ্লাইডিং কৰিবলৈ মান্তি হ’ল ৷ আৰু ইয়াৰ পিছৰ পৰিস্থিত আপোনালোকে নিশ্চয় দেখিছেই ৷

ভিডিঅ’টিত বিপিন চাহুৱে তেওঁৰ লগত যোৱা গাইডজনক কয় যে লেণ্ড কৰ দো ভাই ৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াত এই বাক্যশাৰীৰ বহু মীমি আৰু ভিডিঅ’ প্ৰকাশ পাইছে ৷ কিন্তু সম্প্ৰতি বিপিন চাহুৰ মন্তব্য যে তেওঁ পুনৰ স্কাই ডাইভিং কৰিব বিচাৰে। ইতিমধ্যে বিপিনে এক সাক্ষাৎকাৰত কয় যে ছ’চিয়েল মিডিয়া এটা শক্তিশালী মাধ্যম । এখন সৰু চহৰৰ এজন সৰু মানুহে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহু মৰম লাভ কৰিছে। মই ধন্য যে মই বহু মানুহক হাঁহিবলৈ বাধ্য কৰাইছো ।

লগতে ঋষভ দীক্ষিত নামৰ এজন লোকে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বুলি মন্তব্য কৰিছে । ইফালে বিপিনে তেওঁৰ পৰিয়ালেও এই ভিডিঅ’টি প্ৰত্যক্ষ কৰিছে বুলি কয় ৷ ছ’চিয়েল মিডিয়াত পাৱঁ নিচ্চে ৰখ নামৰ মন্তব্যটোৱেও চৰ্চা লাভ কৰিছে ৷ এই মন্তব্যটোৰ সন্দৰ্ভত কয় যে মই ভালকৈ বহিব পৰা নাছিলো ।যাৰ কাৰণে মই মোৰ ভৰি কেইটা চিধা কৰিব পৰা নাছিলো ৷ গতিকে যেনেকৈ নহওক বিপিন সাহুৰ ক্ষেত্ৰত ডৰ কে আগ জিত হ্যে কথাষাৰি প্ৰযোজ্য হৈ পৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Heavy Rain and Man Made Flash Floods cause travel chaos across Guwahati City