বিবিধ শীৰ্ষ বাতৰি

মৌ মাখিয়ে থিতাপি লৈছে শৰীৰৰ নিষিদ্ধ স্থানতঃ মন্ত্ৰী কিৰেণ ৰিজিজুৱেও কৰিলে টুইট

মৌ মাখিয়ে

মৌ মাখিয়ে থিতাপি লৈছে শৰীৰৰ নিষিদ্ধ স্থানত ৷ আপোনাৰ যদি অনুচিত আৰু অসুবিধা জনক স্থানত মৌ মাখিয়ে থিতাপি লয়৷ তেন্তে আপুনি কি কৰিব ৷ তেনে এক ঘটনা সংঘটিত হৈছে নাগালেণ্ডৰ এজন যুৱকৰ লগত ৷ এজন যুৱকৰ নিষিদ্ধ স্থানত এবাহ মৌ মাখিয়ে থিতাপি ল’লে ৷ ইয়াৰ পিছতেই যুৱকৰ জনৰ লগত সংঘটিত এই ঘটনাটোক লৈ বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় জনসাধাৰণৰ মাজত ৷

কিন্তু আপোনালোকে চিন্তা কৰিব পৰাকৈ একো হোৱা নাই যুৱকজনৰ লগত ৷ কাৰণ, যুৱকজন এটি জিন্ছ পেন্ট পৰিধান কৰি আছিল ৷ ইফালে এই ভিডিঅ’টোৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় লোকসকলৰ মাজত ৷ ইয়াৰ মাজতে মন্ত্ৰী কিৰেণ ৰিজিজুৱে ছ’চিয়েল মিডিয়াত ৪০ ছেকেণ্ডৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে এইয়া সচাঁকৈয়ে উল্লেখ যোগ্য৷

এনেধৰণৰ ঘটনা কেৱল নাগালেণ্ডত সংঘটিত হ’ব পাৰে । মন্ত্ৰী কিৰেণ ৰিজিজু টুইটৰ পিছত সকলোৱে এই টুইটক লৈ চৰ্চা অব্যাহত ৰাখিছে ৷ আনহাতে টুইটটো ৩৫০০ বাৰ লাইক,আৰু ৬০০ বাৰ ৰি টুইট কৰা হৈছে। লগতে জনসাধাৰণে এই বিষয়টোক লৈ বহু প্ৰতিক্ৰিয়া উত্থাপন কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: প্ৰতিবেশীৰ কথা শুনিবলৈ গৈ আৱদ্ধ হৈ পৰিল মহিলাঃকিন্তু কেনেকৈ?

ভিডিঅ প্ৰতক্ষ্য কৰক:Truck laden with illegal timbers seized by BJP Yuva Morcha in Tinsukia