Begin typing your search above and press return to search.

প্ৰতিবেশীৰ কথা শুনিবলৈ গৈ আৱদ্ধ হৈ পৰিল মহিলাঃকিন্তু কেনেকৈ?

প্ৰতিবেশীৰ কথা শুনিবলৈ গৈ আৱদ্ধ হৈ পৰিল মহিলাঃকিন্তু কেনেকৈ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Aug 2019 12:23 PM GMT

আমাৰ সমাজত প্ৰতিবেশীৰ ঘৰৰ খবৰ ৰখা মানুহৰ সততে অভাৱ নাই ৷ কোনে ক’ত কি কৰিছে? কোন ক’ত গৈছে আদি খবৰ ৰাখি সততে আমাৰ সমাজৰ এচাম মানুহে ভাল পায় ৷ কিন্তু সাৱধান লোকৰ ঘৰৰ খবৰ লওঁতে আপোনাৰ হ’ব পাৰে বিপদ ৷ কলম্বিয়াৰ লা ৱাৰ্জেনিয়াৰ এগৰাকী বিশেষ মহিলা ৷

প্ৰতিবেশীৰ কথা শুনিবলৈ গৈ নিজৰ মূৰটোকে মেটেলৰ গেটত লগাই দিলে এই গৰাকী মহিলাই ৷ প্ৰায় পাঁচ ঘন্টা মহিলাগৰাকীৰ মূৰটো মেটেলৰ গেটত আৱদ্ধ হৈ থাকে ৷ ইফালে ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীৰ মতে মহিলা গৰাকীয়ে বন্ধু বান্ধৱীৰ লগত কথাৰ আলোচনা কৰিবলৈ লয় । আৰু দুৰ্ভাগ্য বশত মহিলাগৰাকীয়ে মেটেলৰ গেটত মূৰটো সুমুৱাই কথা শুনিবলৈ যত্ন কৰে। কিন্তু কথা শুনিবলৈ মহিলাগৰাকী সক্ষম হ’ল যদিও দুৰ্ভাগ্য বশত মূৰটো উলিয়াই আনিবলৈ সক্ষম ন’হল ৷

মহিলাগৰাকীৰ এই অৱস্থাৰ পৰা ৰক্ষা কৰিবলৈ বহু লোকে চেষ্টা কৰে যদিও সফল ন’হল ৷ ইফালে মহিলাগৰাকীৰ প্ৰতিবেশী গেটত মূৰ সুমুৱাই থকা দৃশ্যৰ ফ’টো ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিল। কিছু সংখ্যক লোকে কৈছে যে প্ৰতিবেশীৰ কথা শুনিবলৈ যাওঁতে এই অৱস্থা হ’ল ।এইয়া কৰ্মৰ ফল ৷গতিকে লোকৰ ঘৰৰ কথা মনে মনে শুনা মানুহে এই ঘটনাটোৰ পৰা শিক্ষা ল’ব লাগে ৷

আনহাতে সততে দেখা যায় আমাৰ সমাজত এনেদৰে লোকৰ কথা আলোচনা কৰা মানুহৰ অভাৱ নাই ৷কিছুমান মানুহৰ লোকৰ কথা আলোচনা কৰাটো এটা অভ্যাস ৷ গতিকে আপোনালোকেও ইয়াৰ পৰা লওঁক এটা শিক্ষা৷ যাতে এই মহিলাগৰাকীৰ দৰে আপোনাৰো অৱস্থা নহওক ৷

অন্য খবৰৰ বাবে পঢ়ক : আঘাত প্ৰাপ্ত বাঘৰ ফ’টো উঠাবলৈ যাওঁতে সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা

ভিডিঅ প্ৰতক্ষ্য কৰক:Akhil Bharatiya Vidyarthi Parishad (ABVP) stages protest in NRC issue

Next Story
চাকৰি