Begin typing your search above and press return to search.

আঘাত প্ৰাপ্ত বাঘৰ ফ’টো উঠাবলৈ যাওঁতে সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা

আঘাত প্ৰাপ্ত বাঘৰ ফ’টো উঠাবলৈ যাওঁতে সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2019 1:13 PM GMT

আঘাত প্ৰাপ্ত এটি বাঘৰ ফ’টো উঠাবলৈ যাওঁতে পশ্চিম বংগত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। সততে আমি যিকোনো এটি পশু বা পক্ষীৰ যিকোনো মুহুৰ্তত বা আঘাত প্ৰাপ্ত হ’লে আগ পিছ নুগুনি ফটো ক্লিক কৰিবলৈ যাঁও। কিন্তু এতিয়াৰ পৰা এই ক্ষেত্ৰত সাৱধান হওঁক আপুনি ৷ কাৰণ আপোনাৰ লগতো তাৎক্ষণিক ভাৱে সংঘটিত হ’ব পাৰে ভয়ংকৰ দূৰ্ঘটনা ৷

সোমবাৰে পশ্চিম বংগৰ ফলকাটা অঞ্চলত সংঘটিত এই ঘটনাই বহু লোকক আচৰিত কৰি তুলিছিল। ঘটনানুসৰি সোমবাৰে পুৱা ১০ বজাত দলগাঁৱ চাহ বাগিচাৰ অঞ্চলত এখন বাহনে বাঘটোক আঘাত প্ৰাপ্ৰ কৰি থৈ যায়। ইয়াৰ লগে লগে অঞ্চলটোৰ স্থানীয় লোকসকলে বাঘটোৰ ফটো ক্লিক কৰিবলৈ উদ্যত হৈ পৰে। ইয়াৰ পিছত বাঘটোৱে অতীষ্ঠ হৈ পৰে আৰু মানুহজনক আক্ৰমণ কৰে।

ভিডিঅ’টিত দেখা অনুসৰি এজন মানুহে বাঘৰ এখন ফটো লোৱাৰ সময়তে উদ্যত বাঘটোৱে মানুহজনক আক্ৰমণ কৰে আৰু ইয়াৰ পিছতে কাষত থকা মানুহখিনিৰ মাজত হুৱা দুৱা লাগে ।মানুহজনে কথমপি বাঘটোৰ পৰা নিজক মুক্ত কৰিবলৈ সক্ষম হয়।

আনহাতে সোঁ ভৰি আৰু মূৰত আঘাত পোৱা বাঘটোক জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানে উদ্ধাৰ কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ।আৰু ইয়াৰ পিছত বাঘটো সুস্থ ঠিক হোৱাৰ পিছত বন বিভাগৰ বিষয়ববীয়াই পুনৰ জংঘল বাঘটোক এৰি দিয়াৰ কথা উল্লেখ কৰে। উল্লেখ্য যে বাঘটোৱে আক্ৰমণ কৰা ব্যক্তিজনো সুস্থ বুলি জানিব পৰা গৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক:চালাড ক্ৰয় কৰোঁতে সাৱধান হওঁক আপুনি: ওলাব পাৰে ভেকুলী

ভিডিঅ প্ৰতক্ষ্য কৰক:Madhavdev Tithi observed at Dekhiyakhuwa Bornamghar in Teok

Next Story
চাকৰি