চালাড ক্ৰয় কৰোঁতে সাৱধান হওঁক আপুনি: ওলাব পাৰে ভেকুলী

চালাড ক্ৰয় কৰোঁতে সাৱধান হওঁক আপুনি:  ওলাব পাৰে ভেকুলী

আপোনাৰ চালাড খাবৰ মন গ’ল ৷বজাৰৰ পৰা আপুনি ক্ৰয় কৰি আনিলে অলপ চালাড আৰু যেতিয়া আপুনি চালাড খাব লৈছে তেতিয়া আপুনি দেখিলে যে আপোনাৰ চালাডৰ পেকেটৰ ভিতৰত আছে এটা প্ৰকাণ্ড তথা জীৱিত এটি ভেকুলী ৷ কি কৰিব আপুনি? ঠিক এনে এক ঘটনা সংঘটিত হৈছে নৰ্থ চ’ৰৰ এলন পৰিয়ালৰ লগত ৷

কাৰণ চিম্পল ট্ৰুথ নামৰ এটি বেন্দ্ৰৰ পৰা লোৱা এটা চালাডৰ পেকেটত হঠাতে দেখা পায় এটি জীৱিত ভেকুলী ৷ইয়াৰ পিছত, ঘটনাটি সংঘটিত হোৱা পৰিয়ালটিৰ সদস্য কাৰ্লি এলানে চালাডত ভেকুলী ওলোৱা দৃশ্যটো ভিডিঅ’ কৰে ৷আৰু এই ভিডিঅ’টি টুইটাৰ জৰিয়তে শ্বেয়াৰ কৰে। আনহাতে ১৪ আগষ্টতে শ্বেয়াৰ কৰা ভিডিঅ’টিয়ে লোকসকলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এজন লোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে যে চালাডৰ লগত এটি ভেকুলী বিনামূলীয়া ৷

লগতে আন এজনে লিখিছে যে প্ৰত্যেক চালাডৰ লগত ভেকুলীটোয়ে নিজৰ জীৱন উচৰ্গা কৰিছে। মই আশা কৰিছোঁ আপোনাৰ লগত ভেকুলী মুক্ত কৰাৰ কাৰণে ঠাই হ’ব । ইফালে অন্য এজন লোকে এই সমগ্ৰ ঘটনাটো কিয় ইমান আলোচনা কৰিছে ৷ আপুনি সেউজীয়া শাক পাছলি ক্ৰয় কৰিছে ৷যি যেই নহওঁক ভেকুলীটো জীয়াইটো আছে ।

উল্লেখ্য যে এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত চিম্পল ট্ৰুথ নামৰ কোম্পানীটোৰ এনে ধৰণৰ কাণ্ড সকলোতে বিয়পি পৰাৰ পিছত কোম্পানীটোৱে ক্ষমা খোজে কাৰ্লি এলানৰ ওচৰত ৷ গতিকে সকলোয়ে কয় যে আমি সেউজীযা শাক পাছলি খাব লাগে ৷ কাৰণ সেউজীয়া শাক পাছলি স্বাস্থ্যৰ কাৰণে,চুলি ছাল আদিৰ কাৰণে যথেষ্ঠ উপকাৰী ৷কিন্তু সেই বুলি আপুনি ভেকুলী ওলোৱা চালাডটো খাব নোৱাৰে৷ গতিকে কেৱল চালাড বুলিয়ে নহয়,বজাৰৰ পৰা যিকোনো বস্ত ক্ৰয় কৰোতে আপুনি সাৱধান হওঁক ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com