বিবিধ

ভ্ৰমণৰ কথা চিন্তা কৰিছে যদি নাযাব এইকেইটা ভৌতিক পথেৰে: হ’ব পাৰে আপোনাৰ বিপদ

ভৌতিক
Google

 

ভৌতিক শব্দটোৱে আমাৰ মন মগজুত বিশেষকৈয়ে ক্ৰিয়া কৰি থাকে ৷ এইয়া আমাৰ সকলোৰে স্বাভাৱিক চিন্তা ধাৰণা ৷ ভৌতিক কাৰ্যকলাপ সমূহৰ বিষয়ে আমি বহু কাহিনী  শুনো ।কিছুমানে এই কাহিনী সত্যতা নিৰূপন কৰিবলৈ চেষ্টা কৰে ৷আন কিছুমানে এই কাহিনী নকৰে ৷ইয়াৰ মাজতে পথত হোৱা বিভিন্ন দুৰ্ঘটনাসমূহ বহু লোকে ভৌতিক কাৰ্যকলাপৰ কাৰণে বা পথটোৰ সন্দৰ্ভত প্ৰচলিত কিছমান অভিশাপৰ কাৰণে সংঘটিত হয় বুলি মন্তব্য কৰে ৷ কিছুসংখ্যক লোকে আকৌ ভৌতিক কাৰ্য কলাপৰ সন্মুখীন হৈ ,তাৰ পৰা পৰিত্ৰাণ পোৱাৰ অভিজ্ঞতাও ব্যক্ত কৰে৷

ইফালে পথসমূহত হোৱা দুৰ্ঘটনাসমূহ কিয় সংঘটিত হয় তাৰ কাৰণে কোনো স্পষ্টীকৰণ নাই ৷ যদি আপুনিও এনে ধৰণৰ পথসমূহৰ বিষয়ে জানিব বিছাৰে, য’ত পথসমূহ ভৌতিক বুলি প্ৰচলিত ৷ তেনেহলে চাওঁ আহক কেইটিমান পথ,য’ত আপুনি যাত্ৰা কৰাৰ পৰা বিৰত থাকিব পাৰে ৷ প্ৰথমতে চাওঁ আহক ৰাঁছী জামছেদপুৰ ৩৩ নং ৰাষ্ট্ৰীয় ঘাই পথ ৷ দেশৰ এই পথটিত হোৱা দুৰ্ঘটনাসমূহ সাধাৰণ নহয়। সেয়েহে এই দুৰ্ঘটনাসমূহক ভৌতিক কাৰ্যকলাপৰ দ্বাৰা হৈছে বুলি প্ৰচলিত হৈ আহিছে ৷ কিছুসংখ্যক লোকৰ মতে এই পথটি অভিশাপ যুক্ত ৷ এই পথৰ দুয়োকাষে এটা মন্দিৰ আছে। কোৱা হয় যদি কোনো বাহন চালে মন্দিৰত নৰখি,প্ৰাৰ্থনা নকৰি পথটোৰে আগবাঢ়ি যায় ৷তেন্তে দুৰ্ঘটনা হোৱাটো নিশ্চিত ৷ মন কৰিব লগীয়া যে এই কথাটো সাধাৰণ যেন নালাগিলেও সম্প্ৰতি সছাঁ বুলি প্ৰমাণিত হৈছে ৷

দ্বিতীয়তে দিল্লী জয়পুৰ ৰাষ্ট্ৰীয় পথৰ ভানগড় কিলা ৷ দেশৰ সকলোতকৈ ভৌতিক ঠাই হৈছে ৰাজস্থানৰ ভানগড় কিলা ৷ ইফালে দিল্লী -জয়পুৰ ৰাষ্ট্ৰীয় পথটো সম্প্ৰতি অভিশাপ যুক্ত বুলি প্ৰমাণিত হৈছে ৷ এই পথছোৱাত লোকসকলে বিভিন্ন ধৰণৰ ভৌতিক কাৰ্যকলাপৰ সন্মুখীন হয়। যাৰ কোনো কাৰণ নাই বা স্পষ্টীকৰণ নাই ।যেতিয়া লোকসকলে কিলা অতিক্ৰম কৰে তেতিয়া বিভিন্ন ধৰণৰ ভৌতিক শব্দ অথবা ভৌতিক কাৰ্যকলাপ অনুভৱ কৰে।

তৃতীয়তে তামিলনাডুৰ সত্যমংগলম বন্যজীৱ অভয়াৰণ্য ৷ এই অভয়াৰণ্যখন শান্ত আৰু বহু ভয়াতুৰ ৷এই অভয়াৰণ্যখনত দস্যু বীৰাপ্পনৰ ঘৰ আছিল ৷যাক আৰক্ষীয়ে হত্যা কৰিছিল ৷যিসকল লোকে এই পথেদি যাত্ৰা কৰে সেইসকল লোকে অভয়াৰণ্যখনৰ পৰা বিভিন্ন শব্দ শুনে ৷গতিকে আপুনি যদি এই পথেদি যাত্ৰা কৰাৰ কথা ভাবিছে তেন্তে সাৱধান হওঁক।

চতুৰ্থতে মুম্বাই গোৱা ৰাষ্ট্ৰীয় পথৰ কাসেডি ঘাট ৷ এই পথত বহু ভৌতিক কাৰ্যকলাপৰ উমান পোৱা যায়। কাৰণ কিছুমান লোকে কয় যে তেওঁলোকৰ মুখ,পীঠি,ডিঙি আদি বিভিন্ন দাগ দেখা দিয়ে ৷ পথটোত বাহন চলোৱাসকলৰ মতে পথৰ মাজত অকৎস্মাতে গাড়ী ৰৈ যায় ৷ তাৰে যদি আপুনি মাছ মাংস কঢ়িয়াই লৈ গৈছে তেন্তে সেইসমূহ তাৎক্ষনিকভাৱে নোহোৱা হৈ যায় ৷গতিকে সকলো লোকেই কাসেডি ঘাটৰ কাষত মাছ মাংস নাখায়।

ইফালে দিল্লীৰ কেন্টোনমেন্ট পথত যাত্ৰা কৰাৰ সময়ত লোকসকলে বগা সাজ পৰিধান কৰি এগৰাকী মহিলা ঘূৰি ফুৰা দেখে যাত্ৰীসকলে ৷ কাষৰীয়া অঞ্চলৰ লোকসকলে সেয়েহে পথত নিশা বাহন চলাবলৈ ভয় কৰে ৷লগতে যদি সেই মহিলা গৰাকী ওলোৱাৰ সময়ত গাড়ী নৰখাই ৷ তেন্তে মহিলা গৰাকীও গাড়ীৰ গতিতে যাত্ৰা কৰে ৷

 

অন্য খবৰৰ বাবে পঢ়ক:  পেটৰ অতিৰিক্ত চৰ্বিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পঢ়ক আমাৰ এই বিধি