ৰাজ্যিক বাতৰি

১২ নৱেম্বৰ তাৰিখৰ পৰা বজালীত ১০২ বছৰীয়া ৰাস মহোৎসৱ উদযাপন

Sentinel Digital Desk

১২ নৱেম্বৰ তাৰিখৰ পৰা বজালীত ১০২ বছৰীয়া ৰাস মহোৎসৱ উদযাপন ।বজালীত ১০২ বছৰীয়া ৰাস মহোৎসৱ উদযাপন । সমগ্ৰ ৰাজ্য জুৰি পালন কৰা হৈছে ৰাস মহোৎসৱ । যোৱা ১২ নৱেম্বৰ তাৰিখৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ। ৰাস মহোৎসৱ উপলক্ষে ৰাজ্যত বিভিন্ন দেশী বিদেশী পৰ্যটকৰ আগমনো দেখা গৈছে । তদুপৰি বিশ্ব স্তৰত ৰাসৰ প্ৰচাৰ চলাবলৈ অসম পৰ্যটন উন্নয়ন নিগমে বিভিন্ন ধৰণৰ ব্যৱস্থাও গ্ৰহন কৰিছে ।

বজালী মহকুমাৰ অন্তৰ্গত বিভিন্ন স্থান যেনে হেলোনা, পাঠশালা , পাটাচাৰকুচি আৰু বাঘমাৰা অঞ্চলত অনুষ্ঠিত কৰা হৈছে ৰাস মহোৎসৱ । সকলোৱে বহু আনন্দ উৎসাহেৰে এই ৰাস মহোৎসৱ পালন কৰিছে ।

ঐতিহাসিক ৰাস মহোৎসৱে ইতিমধ্যে হেলোনা গাঁৱত ১০২ বছৰ অতিক্ৰম কৰিছে। হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখা গৈছে হেলোনা ৰাস মহোৎসৱত । এই ৰাস মহোৎসৱত ভগৱান শ্ৰীকৃষ্ণৰ লগতে আন বহুতো দেশ দেৱীৰ মূৰ্তি প্ৰদৰ্শন কৰা হয়। ৰাস মহোৎসৱ বিভিন্ন দোকান পোহৰ , মেলা আদিও অনুষ্ঠিত হোৱা দেখা গৈছে।‌

তদুপৰি পাঠশালা চহৰতো অনুষ্ঠিত কৰা হৈছে ৰাস মহোৎসৱ। পাঠশালাত অনুষ্ঠিত হয় ৪৪ তম ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱৰ মূল আকৰ্ষণ হ'ল ভগৱান শ্ৰীকৃষ্ণৰ লগতে ২০০ তাতকৈও অধিক দেশ দেৱীৰ মাটিৰে নিৰ্মিত মূৰ্তি। তদুপৰি ৰাস মহোৎসৱত প্লাষ্টিক বৰ্জনৰ ওপৰত লক্ষ্য ৰাখি জাবৰ জোথৰৰ বাবে বাঁহৰ সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায় । এই ৰাস মহোৎসৱত মুৰ্তিৰ সহায়ত ৰামায়ন , মহাভাৰতৰ আদিৰ কাহিনী সমূহ প্ৰদৰ্শন কৰা হৈছে ।বজালী মহকুমাৰ অন্তৰ্গত বাঘমাৰা অঞ্চলটো ৰাস মহোৎসৱ উদযাপন কৰা দেখা গৈছে।

ভগৱান শ্ৰীকৃষ্ণই মৰ্ত্যত কৰা কৰ্মৰাজিক ৰাসোৎসৱৰ জৰিয়তে প্ৰতিফলিত কৰা হয়। ভগৱান শ্ৰীকৃষ্ণৰ ৰসপূৰ্ণ অৰ্থাৎ তাত্ত্বিক ৰসেৰে সমৃদ্ধ কথাবস্তুক ৰাসলীলাৰ মাধ্যমেৰে আত্মাৰ পৰা পৰমাত্মালৈ, দৈনন্দিন জীৱনৰ সুখানুভূতিক আধ্যাত্মিকতালৈ আৰু কাম প্ৰবৃত্তিসমূহক কলাত্মক ৰূপ প্ৰদান কৰি ৰাসলীলাত অংকন কৰা হয় ।

ভিডিঅ প্ৰতক্ষ্য কৰক: India’s First PM Jawaharlal Nehru’s 130th Birth Anniversary observed