Begin typing your search above and press return to search.

ডিচেম্বৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব চতুৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল

ডিচেম্বৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হব চতুৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Nov 2019 5:42 AM GMT

ডিচেম্বৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব চতুৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল । চতুৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল অহা ৬ ডিচেম্বৰ তাৰিখৰ পৰা ৮ ডিচেম্বৰ তাৰিখলৈ অনুষ্ঠিত হ'ব । ইংৰাজী সাপ্তাহিক কাকত জি প্লাছে আয়োজন কৰা এই থিয়েটাৰ ফেষ্টিভেল অনুষ্ঠিত হ'ব মাছখোৱা অৱস্থিত প্ৰাগজ্যোতিষ আই টি এত । চতুৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলত মঞ্চস্থ হ'ব তিনিখন ৰাষ্ট্ৰীয় স্তৰৰ নাট । ফেষ্টিভেলৰ প্ৰথম দিনা ৰাকেশ বেডীৰ হিন্দী নাট "পট্টে খুল গয়ে" মঞ্চস্থ কৰা হ'ব । জনপ্ৰিয় অভিনেতা ৰাকেশ বেডীৰ নাটক খনত অভিজিত দত্ত , অনন্ত মহাদেৱনৰ লগতে আন জনপ্ৰিয় অভিনেতা অভিনেত্ৰী সকলে অভিনয় কৰিব।

ফেষ্টিভেলৰ দ্বিতীয় দিনা দ্বিভাষিক নাট " দ্যা ডেভিল ৱেৰছ ৱাটা " নামৰ নাট খন মঞ্চস্থ কৰা হ'ব । এই নাট খনত দানিছ ইৰাণী , দিলনাজ ইৰাণী , চাজিল পৰখ , দাৰিয়াছ শ্ৰোফৰ লগতে আন বহুতো অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিব। এই নাট খনৰ নিৰ্দেশনা কৰিছে মেহেৰজাদ‌ পেটেলে । এই ফেষ্টিভেলৰ শেষৰ দিনা অৰ্থাৎ ৮ ডিচেম্বৰ তাৰিখে " কচুৰ ( দ্যা মিছটেক) " মঞ্চস্থ কৰা হ'ব। এই নাট খনত অভিনয় কৰিব বিশিষ্ট অভিনেতা আমোল পালেকাৰে । হিন্দী ভাষাৰ থ্ৰীলাৰ নাট খনৰে এই থিয়েটাৰ ফেষ্টিভেলৰ সামৰণি পৰে ।এই থিয়েটাৰ ফেষ্টিভেল পোন প্ৰথমবাৰৰ বাবে ২০১৬ চনত অনুষ্ঠিত কৰা হৈছিল।

১৪ নৱেম্বৰ তাৰিখে থিয়েটাৰ ফেষ্টিভেল সম্পৰ্কে হোৱা এক সংবাদ মেলত জি প্লাছৰ সম্পাদক স্বপ্নীল ভৰালীয়ে কয় যে থিয়েটাৰ ফেষ্টিভেলৰ লগতে যুৱ প্ৰজন্মক বিশেষজ্ঞ লোক সকলৰ পৰা থিয়েটাৰ সম্পৰ্কে জ্ঞান আহৰণ কৰাৰ সুযোগ প্ৰদান কৰিব । এই ফেষ্টিভেলত থিয়েটাৰৰ ওপৰত এক কৰ্মশালাও অনুষ্ঠিত কৰা হ'ব ।

ফেষ্টিভেলৰ অধ্যক্ষ সুনিত জৈনে কয় যে এই ফেষ্টিভেলৰ উদ্দেশ্য হ'ল বিশ্ব স্তৰত প্ৰদৰ্শন কৰা দল সমূহৰ মঞ্চ প্ৰদান কৰা । যিয়ে দৰ্শক সকলক প্ৰভাৱিত কৰে । লগতে কয় যে থিয়েটাৰ ফেষ্টিভেলৰ প্ৰতি দৰ্শক সকলৰ সমৰ্থনে বাৰুকৈয়ে অভিভূত কৰিছে । তদুপৰি ফেষ্টিভেলৰ কৰ্মকৰ্তা সকলে সকলোৰে সহায় সহযোগীতা আশা কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: জল ব’ৰ্ডৰ কাৰ্যলয় ঘেৰাও কৰি উত্তাল বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

ভিডিঅ প্ৰতক্ষ্য কৰক: City Livelihood Centre inaugurated by Parimal Suklabaidya in Hailakandi

Next Story
চাকৰি