ৰাজ্যিক বাতৰি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

Sentinel Digital Desk

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। অসমৰ বিভিন্ন ঠাইত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাৱীত প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে । বৃহস্পতিবাৰে গোলাঘাট জিলা সমিতিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা দাবীত গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত উত্তৰাৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে । যুৱ ছাত্ৰ পৰিষদে কৰা প্ৰতিবাদ কাৰ্যসূচীত সদস্য সকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি আব্দুল হাচিম আৰু সম্পাদক নিকুঞ্জ মেধীয়ে । লগতে বিজেপি চৰকাৰক সকিয়নি দিছে যে কোনো কাৰনতে যাতে চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত বাংলাদেশী সংস্থাপন নিদিয়ে । লগতে সংগঠনটোৱে তীব্ৰ ভাৱে নিন্দা কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । পৰিষদৰ গোলাঘাট জিলা সমিতিৰ নেতা সকলে কয় যে বিদেশী বহিষ্কাৰ কৰাৰ বাবে আৰু অৰ্থনৈতিক উন্নতিৰ হকে অসমীয়া মানুহে ছয় বছৰযোৰা প্ৰতিবাদ গঢ়ি তুলিছিল । তেওঁলোকে বিজেপি চৰকাৰক সকিয়নি দি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথা যাতে চৰকাৰে নাভাৱে , অন্যথা পৰৱৰ্তী সময়ত সংগঠনটোৱে তীব্ৰ গন আন্দোলন কাৰ্যসূচী গঢ়ি তুলিব বুলি কয় ।‌

জিলা‌ সমিতিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও বৃহস্পতিবাৰে অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাৱীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লক্ষীমপুৰ জিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গঢ়ি তোলে । পৰিষদৰ লক্ষীমপুৰ জিলা সমিতিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰক বিধেয়ক খন পুনৰ সংসদত উত্থাপন নকৰাৰ দাবী জনায় । এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিছিল লক্ষীমপুৰ জিলা সমিতিৰ সভাপতি মন্দিপ নেওগ , আৰু সাধৰন সম্পাদক জ্যোতি দাস । সংগঠনটোৱে বিভিন্ন শ্ল'গানেৰে দাৱী জনায় প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে ।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে লক্ষীমপুৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । এই স্মাৰক পত্ৰৰ জৰিয়তে বিধেয়ক খন অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে বুলি উল্লেখ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক খন বাতিলৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক হস্তক্ষেপ কৰিবলৈ আহ্বান জনায় ।