Begin typing your search above and press return to search.

ডিটেনচন কেম্পত থকা ৯৫% মানুহেই ভাৰতীয় : ৰেজাউল কৰিম সৰকাৰ

ডিটেনচন কেম্পত থকা ৯৫% মানুহেই ভাৰতীয় : ৰেজাউল কৰিম সৰকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Oct 2019 2:18 PM GMT

ডিটেনচন কেম্পত থকা ৯৫% মানুহেই ভাৰতীয় ; ৰেজাউল কৰিম সৰকাৰ ।‌ বহু সময়ত বিভিন্ন দল সংগঠনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ দাৱীত প্ৰতিবাদ‌‌ সাব্যস্ত কৰি আহিছে । কিছুদিন পূৰ্বে তেজপুৰৰ ডিটেনচন কেম্পত হোৱা এজন লোকৰ মৃত্যুক লৈও সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা বৈধ ভাৰতীয় নাগৰিক সকল নাগৰিক পঞ্জীৰ আপীল প্ৰক্ৰিয়াক লৈ শংকিত হৈ থকাৰ সময়তে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ দক্ষিণ চতিয়া আঞ্চলিক সমিতিৰ উদ্যোগত শিক্ষা, বাল্য বিবাহ, আৰু NRC আপিল সন্দৰ্ভত কৰৈয়নী আহমদীয়া ইছলামীয়া মাদ্ৰাছাত অনুষ্ঠিত হয় এক বিশেষ সজাগতা সভা ।

বিশ্বনাথ জিলা আমছুৰ সভাপতি মাহমুদুল হাছানে সভাপতিত্ব কৰে সজাগতা সভাখনত । হমুদুল হাছানে সভাপতিত্ব কৰা সজাগতা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ।

ৰেজাউল চৰকাৰে কয় যে ডি ভোটাৰৰ নামত গ্ৰেপ্তাৰ কৰি ডিটেনচন কেম্পত ৰখা ৯৫% মানুহেই ভাৰতীয় । যধে -মধে প্ৰকৃত ভাৰতীয় নাগৰিকৰ নামৰ আগত 'ডি' লগাই হাৰাশাস্তি কৰি আহিছে । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক একাংশ দল- সংগঠনে পেলনীয়া কাগজৰ লগত তুলনা কৰা কাৰ্যকো তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰেজাউল চৰকাৰে । তাৰোপৰি ৰেজাউল চৰকাৰে কয় ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশৰ লগে লগে একাংশই এই নাগৰিক পঞ্জীক লৈ বিৰূপ মন্তব্য কৰি আহিছে।

ইফালে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে কৰা সাম্প্ৰদায়িক মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে। সজাগতা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে সংগঠনটোৰ বহু কেইজন কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতা কৰ্মী, আৰু প্ৰায় এক সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ।

আমছুৰ উদ্যোগত অনুষ্ঠিত এই সজাগতা সভাত তোলা ধুনা বিজেপি চৰকাৰক ।

অন্য খবৰৰ বাবে পঢ়ক: এন আৰ এল কৰ্মচাৰী সন্থাই সাক্ষাৎ কৰিলে অসম বিধানসভাৰ অধ্যক্ষক

ভিডিঅ প্ৰতক্ষ্য কৰক : Akhil Gogoi to Protest over Subansiri Dam Construction

Next Story
চাকৰি