Begin typing your search above and press return to search.

এন আৰ এল কৰ্মচাৰী সন্থাই সাক্ষাৎ কৰিলে অসম বিধানসভাৰ অধ্যক্ষক

এন আৰ এল কৰ্মচাৰী সন্থাই সাক্ষাৎ কৰিলে অসম বিধানসভাৰ অধ্যক্ষক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Oct 2019 8:07 AM GMT

নুমলীগড় তেল শোধনাগাৰ কৰ্মচাৰী সংন্থাই বুধবাৰে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক সাক্ষাৎ কৰে আৰু তেওঁক কেন্দ্ৰীয় চৰকাৰে নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰনৰ বাবে লোৱা প্ৰস্তাৱ বাতিল কৰাৰ দাবী জনাই।‌ কেন্দ্ৰীয় চৰকাৰে অসমৰ এই শোধানাগাটো ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিবলৈ লোৱা প্ৰস্তৱে সমগ্ৰ অসমতে জোকাৰণি তোলাৰ সময়তে অধিক শংকিত আৰু আতংকিত হৈ পৰা শোধনাগাৰ কৰ্মচাৰী সন্থাই বিধান সভাৰ অধক্ষ্যক সাক্ষাৎ কৰে।

অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে প্ৰতিনিধি দলটোক আশ্বাস দি কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে এই সমস্যাটো কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ সিদ্ধান্ত লৈছে । লগতে কয় যে তেওঁ ব্যক্তিগত ভাৱে নুমলীগড় তেল শোধনাগাৰ সমস্যাটো লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰিব ।

অধ্যক্ষ গৰাকীয়ে সংঘক উপদেশ দিয়ে কয় যে তেওঁলোকে বিৰোধী দলৰ বিধায়কক সাক্ষাৎ কৰি আগন্তুক নৱেম্বৰ মাহত হ'বলগীয়া বিধানসভাৰ মজিয়াত নুমলীগড় তেল শোধনাগাৰৰ সমস্যাটো উত্থাপন কৰিব পাৰে ।

সজাতি দলটোক নেতৃত্ব প্ৰদান‌ কৰে সংন্থাৰ কাৰ্যকৰী অধ্যক্ষ ৰিপুন শইকীয়া আৰু সাধাৰণ সম্পাদক বিনোদ গগৈয়ে ।

নুমলীগড় তেল শোধনাগাৰ ১৯৮৫ ৰ অসম চুক্তিৰ আধাৰত স্থাপিত হৈছিল । কৰ্মচাৰী সংস্থাই এক স্মাৰক পত্ৰও অসম বিধানসভাৰ অধ্যক্ষক প্ৰদান কৰে ।

এই সংন্থাটোৱে কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত কৰণৰ বাবে লোৱা সিদ্ধান্তক তীব্ৰ ভাৱে বিৰোধিতা কৰে ।

সংন্থাৰ প্ৰতিনিধি সকলে কয় যে শোধনাগাৰটো স্থাপন হোৱাৰ পৰা ২০১৮ - ১৯ চনলৈ ৩০,০০০ কোটি টকা ৰাজহ কেন্দ্ৰীয় চৰকাৰক দিবলৈ সক্ষম হৈছে । লগতে উল্লেখ কৰে যে দেশৰ ভিতৰতে লাভজনক প্ৰতিষ্ঠান ৰূপে স্বীকৃতি পোৱা নুমলীগড় তেল শোধনাগাৰৰ মুঠ সম্পত্তিৰ পৰিমান ৫,৫০০ কোটি টকা । ইয়াৰ ফলস্বৰূপে নুমলীগড় তেল শোধনাগাৰ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত সম্পদ ৰূপে পৰিগণিত হৈছে ।

‌ ক্ৰমাগত ভাৱে তিনিটা বছৰ যথেষ্ঠ উন্নত প্ৰদৰ্শন কৰাৰ পিছতো বি পি চি এল অংশীদাৰত্ব থকা নুমলীগড় শোধনাগাৰটো বিক্ৰী কৰাৰ প্ৰস্তাৱ লৈছে কেন্দ্ৰীয় চৰকাৰে ।‌

সন্থাটোৱে প্ৰয়োজন হলে নুমলীগড় তেল শোধনাগাৰৰ বি পি চি এলৰ অংশীদাৰত্ব বিদেশী প্ৰতিষ্ঠানক বিক্ৰী কৰাৰ সলনি ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডক বিক্ৰীৰ বাবে দাৱী জনাই । উল্লেখযোগ্য যে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ১০,০০০ কৰ্মচাৰীৰ কৰ্মসংস্থাপন বিষয় জড়িত হৈ আছে নুমলীগড় তেল শোধনাগাৰৰ লগত ।

অন্য খবৰৰ বাবে পঢ়ক: পাকিস্তানলৈ পানী বৈ যোৱাত অনুমতি নিদিয়ে ভাৰতে : প্ৰধানমন্ত্ৰী মোদী

ভিডিঅ প্ৰতক্ষ্য কৰক : Akhil Gogoi to Protest over Subansiri Dam Construction

Next Story
চাকৰি