ৰাজ্যিক বাতৰি

গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে মহিলা সকলৰ প্ৰতিবাদ

Sentinel Digital Desk

গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে মহিলা সকলৰ প্ৰতিবাদ। অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লোক ওলাই আহিছে বিতৰ্কিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন খনৰ বিৰুদ্ধে। অসমীয়াই কোনো পধ্যেই মানি নলয় নাগৰিকত্ব সংশোধনী আইন । এই আইনৰ বিৰুদ্ধে ওলাই আহিছে মহিলা সমাজো । অসমীয়াৰ অস্তিত্ব সংকটত পেলাব পৰা এই আইন খনৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ মহিলা সমাজ ওলাই আহিছে গুৱাহাটী ৰাজপথত ।

ৰবিবাৰে গুৱাহাটীৰ ৰাজপথত হয় জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। এই প্ৰতিবাদত অংশ গ্ৰহণ কৰি প্ৰসিদ্ধ লেখিকা মনালিছা শইকীয়াই কয় যে , " আমাৰ ঘৰত কিবা সমস্যা হ'লে আমি তাৰ সমাধান কৰো, আৰু এতিয়া অসমীয়া সংকটৰ মুখামুখি হোৱা সময়তো আমি অসমৰ হৈ নেতৃত্ব প্ৰদান কৰিম " । শইকীয়াই তেওঁৰ দৃঢ় আৰু সাহসী কথাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰবিবাৰে মহানগৰীত ওলোৱা সমদলৰ মহিলা সকলক জাগৃত কৰে। বিতৰ্কিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিভিন্ন শ্ৰেণীৰ মহিলা সকল ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।

মনালিছা শইকীয়াই কয় যে " যেতিয়া মহিলা সকল ৰাজপথলৈ আহিছে তেতিয়াই শাসকীয় দলে বুজি পাব লাগে যে অসমৰ জনসাধাৰণ এই আইনৰ বিৰোধী আৰু অসমৰ জনসাধাৰণ ক্ষোভিত হৈ আছে । আমি গৃহিনী হয় আৰু আমি সমাজৰ নেতৃত্ব ও প্ৰদান কৰিব পাৰো । আহক, নাগৰিকত্ব সংশোধনী আইন‌ বাতিল নকৰা পৰ্যন্ত আমি বিশ্ৰাম নলও" ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমাজকৰ্মী ৰাণী গোহাঁয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনে অসমীয়াক নিজৰ ভূমিতে বিদেশীলৈ পৰিণত কৰিব । চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰাৰ ফলত অসম দ্বিতীয় খন ত্ৰিপুৰাত পৰিণত হ'ব ।

অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয় যে, বিৰোধৰ পিছতো দিছপুৰ আৰু দিল্লী চৰকাৰে নাগৰিকত্ব সংশোধনী আইন খন আগবঢ়াই নিয়াতো অপমানজনক । কিন্তু যেতিয়া মহিলা সকল ৰাজপথলৈ আহে তেতিয়া এয়া নিশ্চত যে সমাজত কিবা ভুল হৈ আছে ।

তদুপৰি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট লেখিকা আৰু সমাজকৰ্মী ৰত্না ভৰালী তালুকদাৰে কয় যেতিয়া মহিলা সকলে নিজৰ ঘৰ এৰি ৰাজপথলৈ আহিবলৈ বাধ্য হয় তেতিয়াই সমাজে ভাল দিন দেখাৰ আশা কৰিব পাৰে । যেতিয়ালৈ নাগৰিকত্ব সংশোধনী আইন বাতিল নহয় তেতিয়ালৈকে আমি এই আইনৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰিম বুলি কয় ৰত্না ভৰালী তালুকদাৰে ।