Begin typing your search above and press return to search.

পৰম্পৰা অনুসৰি বস্তু বিনিময়ৰ পিছতে সামৰণি পৰিল ঐতিহাসিক জোনবিল মেলা

পৰম্পৰা অনুসৰি বস্তু বিনিময়ৰ পিছতে সামৰণি পৰিল ঐতিহাসিক জোনবিল মেলা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jan 2020 11:03 AM GMT

পৰম্পৰা অনুসৰি বস্তু বিনিময়ৰ পিছতে সামৰণি পৰিল ঐতিহাসিক জোনবিল মেলা । অৱশেষত শনিবাৰে তিনিদিনীয়া বৰ্ণাঢ্য কৃষ্টি সংস্কৃতিৰ বাহক ঐতিহাসিক জোনবিল মেলাৰ সামৰণি পৰে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই জোনবিল মেলা ১৬ জানুৱাৰী তাৰিখে মেলাৰ পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হয় । উক্ত দিনত গোভা ৰজা দীপ সিং দেওৰজাই ও মেলাত অংশগ্ৰহণ কৰে। পৰম্পৰা অনুসৰি পাহাৰ আৰু ভৈয়ামৰ লোকৰ মাজত বস্তুৰ বিনিময় প্ৰথা ১৭ জানুৱাৰী তাৰিখে সম্পন্ন হয়। তদুপৰি জোনবিৰি মেলাৰ অন্তিম দিনৰ কাৰ্যসূচীত গোভা ৰজাৰ দৰবাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোভা ৰজাকে ধৰি মধ্য অসমৰ ১৮ জন তিৱা ৰজাক বৰ্ধিত হাৰত এক লাখকৈ ৰাজভাত্তা প্ৰদান কৰে । এই ৰাজদৰবাৰত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিৱা সংস্কৃতিৰ উন্নতিৰ প্ৰতি সহায়ৰ আশ্বাস আগবঢ়াই । লগতে তেওঁ সকলো জাতি জনজাতিকে অসমীয়া সংস্কৃতি শক্তিশালী কৰি তুলিবলৈ একগোট হৈ থকাৰ আহ্বান জনায় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অত্যাধুনিক তিৱা সংস্কৃতিৰ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ আৰ্থিক সাহায্যৰ ঘোষণা কৰে । তদুপৰি আগন্তুক দিনত জোনবিল মেলা অসমৰ কেন্দ্ৰ বিন্দু হওক বুলিও কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ঐতিহাসিক জোনবিল মেলাৰ শেষৰ দিনৰ কাৰ্যসূচীত মন্ত্ৰী পিযুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেওৰী , মৰিগাঁওৰ উপায়ুক্ত ঋতুৰাজ বৰা , আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন চি ই এম নাৰায়ন কুমাৰ ৰাডু কাকতি , তিৱা লোকনৃতম গুৰু নাদিৰাম লগতে আন বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰতি বছৰৰ দৰে এইবাৰো জোনবিল মেলাত লাখ লাখ লোকৰ সমাগম দেখা যায়।

জোনবিল মেলা অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ। মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত (গুৱাহাটী ৰ পৰা ৩২ কিমি) অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল৷ এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা৷

এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে৷ ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে৷ সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা । এই মেলাৰ মূল বিষয় হৈছে বিনিময় প্ৰথা৷

অন্য খবৰৰ বাবে পঢ়ক : ১৯৫১ চন ভিত্তি বৰ্ষৰ বিৰোধিতা কৰিছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: BJP Assam Pradesh held State Council Assembly at Srimanta Shankardev Kalashetra, Guwahati

Next Story
চাকৰি