Begin typing your search above and press return to search.

১৯৫১ চন ভিত্তি বৰ্ষৰ বিৰোধিতা কৰিছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

১৯৫১ চন ভিত্তি বৰ্ষৰ বিৰোধিতা কৰিছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jan 2020 10:31 AM GMT

১৯৫১ চন ভিত্তি বৰ্ষৰ বিৰোধিতা কৰিছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ । খিলঞ্জীয়া অসমীয়া মুছলমানৰ সংগঠন সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে কয় যে যদি ৰাজ্যৰ খিলঞ্জীয়া লোক সকলৰ বাবে ১৯৫১ চনক সাংবিধানিক সুৰক্ষাৰ ভিত্তি বৰ্ষ হিচাপে ধৰা হয় তেন্তে ইয়াৰ দ্বাৰা অসমৰ খিলঞ্জীয়া লোক সকলৰ ক্ষতি হ'ব ।

দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ নামৰ সংগঠনটোৰ সভাপতি হাফিজুল আহমেদে কয় যে ব্ৰিটিছৰ শাসন কালৰ পিছৰ পৰাই অসমত বাহিৰা লোকৰ প্ৰব্ৰজন হৈ আছে । যি সকল লোক ব্ৰিটিছ শাসনৰ আগৰ পৰাই অসমত আছিল তেওঁলোকক খিলঞ্জীয়া লোকৰ অধিকাৰ দিব লাগে ।

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ নামৰ সংগঠনটোৱে দাবী কৰে যে ১৯০১ চনৰ ব্ৰিটিছৰ শাসন কালৰ পৰাই পূৰ্ববংগীয় মূলমানে অসমত প্ৰৱেশ কৰি অসমৰ স্থিতি সলনি কৰি পেলাইছে ।

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদে কয় যে পূৰ্ববংগীয় মূছলমানৰ ভয়ানক প্ৰব্ৰজনে অসমৰ জনসংখ্যা অস্বাভাৱিক ভাৱে বৃদ্ধি কৰিছিল ।

লগতে তেওঁ কয় যে , কোনো ধৰণৰ চধ তাৰিখৰ ওপৰত ভিত্তি কৰি নাগৰিকত্ব প্ৰদান কৰাৰ বিপৰীতে ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ আগৰ পৰাই যি সকল লোক অসমত আছিল তেওঁলোকক চিনাক্ত কৰি সাংবিধানিক ৰক্ষাকবচৰ সুৰক্ষা প্ৰদান কৰিব লাগে।

অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত তেওঁ কয় যে অসম চুক্তিৰ ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে উচ্চস্তৰীয় কমিটি গঠন কৰি দিছে লগতে তেওঁলোকে বিভিন্ন দল সংগঠনৰ মতামতো গ্ৰহন কৰিছে । কমিটী খনক একাংশ দল সংগঠনে খিলঞ্জীয়াক চিনাক্ত কৰাৰ পৰিবৰ্তে প্ৰব্ৰজন কাৰী সকলক অন্তৰ্ভুক্তৰ ষড়যন্ত্ৰৰে ৰক্ষাকবচ নিৰ্মানৰ ক্ষেত্ৰত বিভ্ৰান্ত কৰাৰ সম্ভাৱনীয়তাই দেখা দিছে বুলি কয় ।

অসম চুক্তিৰ ৬ নং দফাৰ অধীনত অসমৰ খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকবচৰ বাবে ভিত্তি বৰ্ষ নিৰ্ধাৰণ কৰা কথাটোৰ বিৰোধিতা কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ।

আনহাতে আমছুৱে ১৯৭১ চনলৈ অসমত প্ৰৱেশ কৰা লোক সকলক নাগৰিকত্ব প্ৰদানৰ বাবে আহ্বান জনোৱাই স্মাৰক প্ৰদান কৰিছে।

আনহাতে গৰিয়া মৰিয়াই দেশী সকলৰ সুকীয়া জৰীপৰ দাবী জনাইছে । লগতে এই দাবী মানি নললে পৰৱৰ্তী সময়ত তেওঁলোকে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

অন্য খবৰৰ বাবে পঢ়ক : গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: BJP Assam Pradesh held State Council Assembly at Srimanta Shankardev Kalashetra, Guwahati

Next Story
চাকৰি