গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ। শনিবাৰে গুৱাহাটী অৱস্থিত চানমাৰিত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান অনুসৰি চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত 'বজ্ৰগৰ্জন' নামৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয় । প্ৰতিবাদকাৰী সকলে কা বাতিলৰ দাবী কৰি কয় যে অসমৰ জনসাধাৰণে এজনো বাংলাদেশীৰ বোজা গ্ৰহন নকৰে । এই প্ৰতিবাদী কাৰ্যসূচী চানমাৰি ছাত্ৰ সন্থা, জু নাৰেংগীৰ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয়। এই প্ৰতিবাদী কাৰ্যসূচীত বিশিষ্ট নাগৰিক, শিল্পী , বিভিন্ন কলা কুশলীৰ লগতে শতাধিক প্ৰতিবাদ কাৰীয়ে অংশগ্ৰহণ কৰে। বজ্ৰগৰ্জন কাৰ্যসূচীত প্ৰতিবাদ কাৰী সকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান, সংগীত, অভিনয় আদিৰ মাধ্যমেৰে প্ৰতিবাদী উত্তাল কৰি তোলে । বিতৰ্কিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত দবা, শংখ , ঘন্টাৰ শব্দৰে চানমাৰিৰ আকাশ বতাহ ৰজন- জনাই তোলে ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগীত পৰিচালক অজয় ফুকনে কয় যে , "অসমৰ জনসাধাৰণে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী কৰি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে আৰু অসমৰ জনসাধাৰণৰ একতা দেখুৱাইছে । চৰকাৰে শিল্পী দিৱসৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিৰোধ কৰিবলৈ আমাক বাধ্য কৰাইছে । চৰকাৰে কিছুমান আঁচনিৰ জৰিয়তে শিল্পী সকলক কিনাৰো চেষ্টা কৰিছে । কিন্তু শিল্পী সকল কিনা বেতাৰ সামগ্ৰী নহয় । আমি তেওঁলোকক শিল্পী আখ্যা নিদিও যি সকলে চৰকাৰৰ ওচৰত শিৰণত কৰিছে । লগতে এতিয়া চৰকাৰে ছাত্ৰ সমাজকো কিনাৰ চেষ্টা কৰি আছে "।

সংগীত পৰিচালক অজয় ফুকনে অসমৰ জনসাধাৰণক একগোট হৈ নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায়।

সংবাদ মাধ্যমৰ আগত সদৌ অসম ছাত্ৰ সন্থাৰ নেতা সীমান্ত ঠাকুৰীয়াই কয় যে , সংগঠনটোৱে বিভিন্ন মাধ্যমেৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জনসাধৰণক সজাগ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। সদো অসম ছাত্ৰ সন্থাই অসমৰ জনসাধাৰণৰ লগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব যাতে কেন্দ্ৰীয় চৰকাৰে উপলব্ধি কৰিব পাৰে যে অসম আৰু অসমীয়াই কেতিয়াও জাতিধ্বংসী আইন গ্ৰহন নকৰে ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা 'বজ্ৰগৰ্জন' নামৰ প্ৰতিবাদী কাৰ্যসূচীত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী, ভৃগু কাশ্যপৰ লগতে আন বহুতো শিল্পী উপস্থিত থাকে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com