বিজেপি চৰকাৰে অসমৰ জনসাধাৰণক ভুল তথ্য দি বিভ্ৰান্ত কৰিছে : লুৰিণ জ্যোতি গগৈ

বিজেপি চৰকাৰে অসমৰ জনসাধাৰণক ভুল তথ্য দি বিভ্ৰান্ত কৰিছে : লুৰিণ জ্যোতি গগৈ

বিজেপি চৰকাৰে অসমৰ জনসাধাৰণক ভুল তথ্য দি বিভ্ৰান্ত কৰিছে : লুৰিণ জ্যোতি গগৈ । ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। শনিবাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাচনী মৌজাত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় 'সিংহনাথ' কাৰ্যসূচী। জিলা খনৰ বৃহৎ মৌজা হিচাপে জনাজাত চাচনীত ৭২ খন গাঁওৰ ১০,০০০ তকৈ অধিক লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ নিয়মে ধৰ্মীয় উৎপীড়নৰ বিচাৰ নকৰে ইয়াৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে এই আইনৰ বিষয়ে বিজেপি চৰকাৰৰ ষড়যন্ত্ৰৰ বিষয়ে সদৌ অসম ছাত্ৰ সন্থাই যি বক্তব্য কৰিছিল সেয়া এতিয়া হ'ব ধৰিছে ।

লগতে তেওঁ কয় যে চাচনীৰ পৰা এয়া দিল্লী আৰু দিছপুৰলৈ সকিয়নী যে অসমৰ জনসাধাৰণে নিজৰ অস্তিত্ব কেতিয়াও নেহেৰুৱাই ।

সিংহনাদ কাৰ্যসূচীত কৃষিপ্ৰধান‌ অঞ্চলটোৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত তৰা গোচৰটো চলাই নিবলৈ ৪০০ কুইন্টলৰো অধিক ধান আগবঢ়াই । ধান আগবঢ়োৱাৰ লগতে নগদ ৮০,০০০ ধন আগবঢ়াই ।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে চৰকাৰে কৈছে যে নাগৰিকত্ব সংশোধনী আইনৰ মাধ্যমত অসমত ৫ লাখ লোকে নাগৰিকত্ব লাভ কৰিব । সেই দলটোৱে কৈছে যে নাগৰিকত্ব সংশোধনী আইনৰ মাধ্যমত পশ্চিম বংগত ১ কোটি বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব । বিজেপি চৰকাৰে ভুল তথ্য দি অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰিছে । তদুপৰি তেওঁ কয় যে, " এয়া আমাৰ তৰফৰ পৰা অতি স্পষ্ট যে যি সকল বিদেশী ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰিছে তেওঁলোক হিন্দু অথবা মুছলমানে নহওক কিয় তেওঁলোকে অসম ত্যাগ কৰিব লাগিব । আমি বিদেশী এক ইঞ্চি ভূমিও নিদিও "। সমাবেশত ভাষন আগবঢ়াই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে চাচনী বাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত সমবেত হেজাৰ হেজাৰ লোকে , 'কা বাতিল কৰক, বাংলাদেশী হুচিয়াৰ, জাতিদ্ৰোহী সৰ্বানন্দ হিমন্ত মুৰ্দবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, অমিত শ্বাহ হুচিয়াৰ আদি ধ্বনিৰে চাচনীৰ আকাশ বতাহ কপাই তোলে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Two new ministers inducted in Assam’s Council of Ministers

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com