গুৱাহাটী - বেংকক অভিমুখী নক এয়াৰ বিমান সেৱা ২০ জানুৱাৰীৰ পৰা ১১ এপ্ৰিললৈ অস্থায়ী ৰূপত বাতিল

 গুৱাহাটী - বেংকক অভিমুখী নক এয়াৰ বিমান সেৱা ২০ জানুৱাৰীৰ পৰা ১১ এপ্ৰিললৈ অস্থায়ী ৰূপত বাতিল

গুৱাহাটী - বেংকক অভিমুখী নক এয়াৰ বিমান সেৱা ২০ জানুৱাৰীৰ পৰা ১১ এপ্ৰিললৈ অস্থায়ী ৰূপত বাতিল । গুৱাহাটীৰ পৰা বেংকক অভিমুখী নক এয়াৰ বিমান সেৱা ২০২০ চনৰ ২০ জানুৱাৰী তাৰিখৰ পৰা ১১ এপ্ৰিল ২০২০ চনলৈ অস্থায়ী ভাৱে বাতিল কৰা হৈছে । সপ্তাহত দুবাৰকৈ বেংকক অভিমুখী যোৱা এই নক এয়াৰ বিমানৰ সেৱা ১২ এপ্ৰিল ২০২০ ৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

এপ্ৰিল মাহৰ বিমান পেলায় কাৰ্যসূচী অতি সোনকালেই প্ৰকাশ পাব । নক এয়াৰে ঘোষনা কৰা অনুসৰি বিমান সেৱা বন্ধ থকাৰ সময়ত যি সকল যাত্ৰীয়ে টিকট বুক কৰিছিল তেওঁলোকে সম্পূৰ্ণ টকা ঘূৰাই পাব ।

নক এয়াৰে ২০১৯ চনৰ ২২ চেপ্তেম্বৰ তাৰিখে বিমান সেৱা আৰম্ভ কৰিছিল । সপ্তাহত দুবাৰকৈ বেংকক আৰু গুৱাহাটীৰ মাজত এই বিমানৰ চলাচল হয় ।

এই বিমান যাত্ৰাৰ ভাড়া ৬,৯৯৯ টকাৰ পৰা আৰম্ভ হয় । গুৱাহাটীৰ পৰা এই বিমানৰ চলাচল শুকুৰবাৰ আৰু ৰবিবাৰে পুৱা ১.৪০ ত আৰু বেংককৰ পৰা গুৱাহাটী অভিমুখে এই বিমানৰ চলাচল বুধবাৰ আৰু শনিবাৰে ২৩.৩০ ত হয় । এই এয়াৰ লাইনৰ সুবিধা সমূহৰ ভিতৰত বিনামূলীয়া গৰম খাদ্য অন্তৰ্ভুক্ত আছে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Anti-CAA Sit-in Protest observed during Silpi Divas at Nehru Park in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com