Begin typing your search above and press return to search.

মাহমৰাৰ যোগেন মোহন আৰু তিনিচুকীয়াৰ সঞ্জয় কিষানৰ অসম মন্ত্ৰীসভাত যোগদান

মাহমৰাৰ  যোগেন মোহন আৰু তিনিচুকীয়াৰ সঞ্জয় কিষানৰ অসম মন্ত্ৰীসভাত যোগদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jan 2020 9:28 AM GMT

মাহমৰাৰ যোগেন মোহন আৰু তিনিচুকীয়াৰ সঞ্জয় কিষানৰ অসম মন্ত্ৰীসভাত যোগদান । সম্প্ৰসাৰণ ঘটিল সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাৰ। শনিবাৰে ৰাতিপুৱা ৰাজভৱনত মন্ত্ৰী হিচাপে শপত গ্ৰহন কৰে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষান আৰু মাহমৰাৰ বিধায়ক যোগেন মোহনে‌।

এই শপত গ্ৰহণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, বি জে পি‌ ৰ সভাপতি ৰঞ্জিত দাস , সাংসদ কুইন ওজা, সাংসদ কামাখ্যা প্ৰসাদ তাচা, লগতে আন বহুতো নেতা কৰ্মী উপস্থিত থাকে ।

সঞ্জয় কিষান চাহ জনগোষ্ঠীৰ নেতা, যোগেন মোহন আহোম সমূদায়ৰ লোক ।দুয়োজন বিজেপিৰ বহু পুৰণি কাৰ্যকৰ্তা । যোগেন মোহন পূৰ্বে শিৱসাগৰ জিলা বিজেপিৰ ৩ বাৰ জিলা সভাপতি আছিল।

সঞ্জয় কিষান চাহ জনগোষ্ঠীৰ এজন অগ্ৰনী নেতা। সঞ্জয় কিষান আছিল চাহ মৰ্চাৰ ৰাজ্যিক সভাপতি ।

বিগত বৰ্ষত তপন কুমাৰ গগৈ আৰু পল্লৱ লোচন দাসে লোকসভা নিৰ্বাচনত জয় লাভ কৰাৰ পিছত তেওঁলোকৰ খালী পদ সমূহ পূৰণ কৰিবলৈ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

ৰাজ্যৰ মন্ত্ৰালয়ত বৰ্তমান সময়ত ১৮ জন মন্ত্ৰী আছে । তাৰ ভিতৰত ১২ জন ভাৰতীয় জনতা পাৰ্টীৰ, ৩ জন অসম গণ পৰিষদৰ, আৰু তিনিজন বড়ো পিপুল ৰ্ফন্টৰ ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শপত গ্ৰহণ কৰা মন্ত্ৰী দুজনক শুভেচ্ছা জ্ঞাপন কৰি টুইট কৰে যে , " অসমৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ বাবে শ্ৰী সঞ্জয় কিষান, আৰু শ্ৰী যোগেন মোহনক শুভেচ্ছা। আমি অসমৰ প্ৰগতি আৰু বিকাশৰ বাবে একলগ হৈ কাম কৰিম" ।

অন্য খবৰৰ বাবে পঢ়ক : নাহৰকটীয়াত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত হেজাৰ হেজাৰ লোকৰ সমাগম

ভিডিঅ প্ৰতক্ষ্য কৰক: Watch Bhogali Bihu preparation from Guwahati ahead ‘Uruka’ (Night before Magh Bihu)

Next Story
চাকৰি