নাহৰকটীয়াত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত হেজাৰ হেজাৰ লোকৰ সমাগম

নাহৰকটীয়াত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত হেজাৰ হেজাৰ লোকৰ সমাগম

নাহৰকটীয়াত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত হেজাৰ হেজাৰ লোকৰ সমাগম । ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। শুকুৰবাৰে নাহৰকটীয়া অৱস্থিত কপহুৱাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ৮ খন গাঁওৰ হাজাৰ হাজাৰ লোকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বাহানী গাঁও, অসমীয়া গাওঁ, শিঙিমাৰী গাওঁ, মাজকপহুৱা গাওঁ,বালিপৰা, গৰিয়াবাম, কমাৰ গাওঁ, কেন্দুগুৰী গাওঁৰ হাজাৰ হাজাৰ লোক ওলাই আহি নাহৰকটীয়া জয়পুৰ কপহুৱা খেল পথাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

টাই আহোম যুৱ পৰিষদ অসমৰ লগতে আন বহুতো সংগঠনৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

এই বিশাল প্ৰতিবাদী সভাক সম্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সভাপতি বুলবুল দত্তই কয় যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ য়ে অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব সংকটত পলোৱাৰ লগতে নিজৰ ভূমিতে খিলঞ্জীয়া লোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰিব । তেওঁ কয় যে " মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম চুক্তিৰ উলংঘা কৰি নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰি ভুল কৰিছে । এয়া অতি স্পষ্ট যে ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পিছত অসমত প্ৰৱেশ কৰা হিন্দু মুছলমান সকলো লোকেই অসম ত্যাগ কৰিব লাগিব "।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ উপদেষ্টা চন্দন সন্দিকৈ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰ খনে অতি লেতেৰা ৰাজনীতি খেলি আছে ঋ তেওঁলোকে অসমৰ স্বদেশী লোকৰ ধৰ্ম, সমূদায় আৰু জাতিৰ নামত বিভাজন অনাৰ চেষ্টা কৰিছে। আমি সতৰ্ক হ'ব লাগিব আৰু এই জাতিধ্বংসী বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ৰাখিব লাগিব লগতে ২০২১ চনত বিজেপিক নাইকীয়া কৰিব লাগিব।

সংবাদ মাধ্যমৰ লগত হোৱা কথা বতৰাত টাইপাৰ উপ মণ্ডল সমিতিৰ অধ্যক্ষ অনন্ত ফুকনে কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোক সকলৰ একতা, শক্তি, আৰু সাহস দেখি দিল্লী সংকিত হৈছে ।

নাহৰকটীয়াত হোৱা নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাইপাৰ লগতে আন বহুতো সংগঠনে সহযোগীতা প্ৰদান কৰে ।

নাহৰকটীয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। বিভিন্ন দল সংগঠন, বিশিষ্ট নাগৰিক , বুদ্ধিজীৱীৰ লগতে কলা কুশলী সকলেও এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ওলাই অহা দেখা গৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com