Begin typing your search above and press return to search.

ভোগালী বিহুৰ পৰিবৰ্তে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

ভোগালী বিহুৰ পৰিবৰ্তে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Jan 2020 1:07 PM GMT

ভোগালী বিহুৰ পৰিবৰ্তে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ। এয়া ভোগালী বিহুৰ সময়। অসমীয়াই পালন কৰিছে ভোগৰ বিহু ভোগালী । এই সময়ছোৱাত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ও অসম বাসীক টুইটাৰৰ জৰিয়তে বিহুৰ শুভেচ্ছা জনায়। কিন্তু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভোগালী বিহুৰ সলনি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি ট্ৰ'লৰ সন্মুখীন হ'ব লগীয়া হয়। তাৰ পিছতেই এই টুইটো আঁতৰাই পেলোৱা হয় ।

তাৰ পিছতেই আন এক টুইট কৰে আৰু লিখে যে, " যেতিয়া সূৰ্য মকৰৰাশিত প্ৰৱেশ কৰে আৰু বতৰ সলনি হয় , আমাৰ দেশে বিভিন্ন প্ৰান্তত ধান কটাৰ পৰ্ব আৰম্ভ হয় । সকলোকে মকৰ সংক্ৰান্তি, ভোগালী বিহু, পোংগল , উত্তৰায়ন আৰু পোষৰ শুভেচ্ছা" ।

বহাগ বিহুক ৰঙালী বিহু বুলি জনা যায় । ৰঙালী বিহুৰ সময়চোৱাতে আৰম্ভ হয় অসমীয়া নৱবৰ্ষ । এই বিহু এপ্ৰিল মাহত পালন কৰা হয়।

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়।পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত৷এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে।মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা। এই বিহুক ধৰ্মীয় ৰূপ দিবৰ কাৰণে মকৰ সংক্ৰান্তিও বোলে৷ এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়৷

অন্য খবৰৰ বাবে পঢ়ক : ৰিপোৰ্ট জমা দিবৰ বাবে এমাহ সময় বৃদ্ধি ছয় নং দফা কমিটিৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Protesters, who walked all the way from Tinsukia-Guwahati to protest against CAA 2019, Detained!

Next Story
চাকৰি