Begin typing your search above and press return to search.

ৰিপোৰ্ট জমা দিবৰ বাবে এমাহ সময় বৃদ্ধি ছয় নং দফা কমিটিৰ

ৰিপোৰ্ট জমা দিবৰ বাবে এমাহ সময় বৃদ্ধি ছয় নং দফা কমিটিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Jan 2020 2:03 PM GMT

অসমৰ খিলঞ্জীয়া লোকসকলক সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ বাবে দেশৰ গৃহ মন্ত্ৰণালয়ে গঠন কৰা উচ্চ স্তৰীয় কমিটিক এক মাহৰ অধিক সময় বৃদ্ধি কৰি দিয়া হৈছে । অসম চুক্তিৰ ছয় নং দফা কাৰ্য ৰূপায়ণৰ বাবে গঠন কৰা প্ৰতিনিধিৰ দলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহৰ সৈতে বৈঠকত মিলিত হয়। কমিটিৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাও এই বৈঠকত উপস্থিত আছিল।বৈঠকৰ দুদিন পিছত এই সিদ্ধান্ত ঘোষণা কৰা হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় ফালৰ পৰা।কেন্দ্ৰীয় গৃহমন্ত্ৰন।লয় ফালৰ পৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি কমিটিক ৰিপোৰ্ট জমা দিবৰ বাবে এমাহ অধিক সময় দিয়া হৈছে। পূৰ্বতে দিয়া ছয় মাহৰ সলনি এতিয়া এই সময় বৃদ্ধি পাই হলগৈ সাত মাহ। এই কমিটি গঠন কৰা হৈছিল যোৱাবৰ্ষৰ জুলাই মাহত।

গৃহ মন্ত্ৰণালয়ৰ পৰা জনোৱা অনুসৰি কমিটিৰ প্ৰতিনিধি সকলে গৃহ মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত পেনেল ৰিপোৰ্ট জমা দিবৰ বাবে ১৫ দিনৰ অধিক সময় বিচাৰিছিল। গৃহ মন্ত্ৰী অমিত শ্বাহৰে হোৱা বৈঠকৰ পিছত কমিটিৰ অধ্যক্ষ শৰ্মাই কয় যে আমি গৃহ মন্ত্ৰীক ৰিপোৰ্ট ৰ অগ্ৰগতি সম্পৰ্কত জ্ঞাত কৰিছোঁ। গৃহ মন্ত্ৰী গৰাকীয়ে আমাক কিছু পৰামৰ্শ দিয়ে। আমি আশা কৰিছোঁ অনাগত ১৫দিনৰ ভিতৰত আমি চূড়ান্ত ৰিপোৰ্ট জমা দিব পাৰিম।

অন্য খবৰৰ বাবে পঢ়ক : বঙাইগাঁওত অসম গণ পৰিষদৰ বিশাল জনসভা , আছুৰ ক’লা পতাকা প্ৰদৰ্শন

ভিডিঅ প্ৰতক্ষ্য কৰক: Protesters, who walked all the way from Tinsukia-Guwahati to protest against CAA 2019, Detained!

Next Story
চাকৰি