বঙাইগাঁওত অসম গণ পৰিষদৰ বিশাল জনসভা , আছুৰ ক'লা পতাকা প্ৰদৰ্শন

বঙাইগাঁওত অসম গণ পৰিষদৰ বিশাল জনসভা , আছুৰ ক'লা পতাকা প্ৰদৰ্শন

বঙাইগাঁওত অসম গণ পৰিষদৰ বিশাল জনসভা , আছুৰ ক'লা পতাকা প্ৰদৰ্শন। ৰবিবাৰে বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত অগপ ই এক সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰে । অসম গণ পৰিষদৰ মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ফণিভূষন চৌধুৰী, অতুল বৰা , বিধায়ক ভূপেন ৰয়,গুনিন্দ্ৰ নাথ দাস , ৰেণু কুমাৰ ৰাজখোৱা , আৰু সত্যব্ৰত কলিতাই বঙাইগাঁওত হোৱা এই সমাবেশত উপস্থিত থাকি দলৰ শক্তি প্ৰদৰ্শন কৰে।

এই জনসভাক সম্বোধন কৰি মন্ত্ৰী অতুল বৰাই কয় যে, " অসম গণ পৰিষদ সদায় অসমৰ ৰাইজৰ পক্ষত আছে । অসম আন্দোলনৰ পিছত অসমৰ হিত তথা বিকাশৰ বাবে অসম গণ পৰিষদৰ গঠন হৈছিল। অসম গণ পৰিষদ গঠনৰ পিছত আমি বিভিন্ন উত্থান পতনৰ সন্মুখীন হৈছো । কিন্তু অসমৰ মানুহৰ আমাৰ ওপৰত বিশ্বাস আছে যে আমি অসমৰ জনসাধাৰণৰ হৈ কাম কৰোঁ। সেইবাবে বঙাইগাঁও বাসী ৰাইজে সপ্তম বাৰৰ বাবে মন্ত্ৰী ফণীভূষন চৌধুৰীক নিৰ্বাচিত কৰিছে " । লগতে মন্ত্ৰী গৰাকীয়ে কয় যে অসম গণ পৰিষদৰ হৃদয় হয় বঙাইগাঁও বাসী ।

কমতাপুৰৰ স্বায়ত্ব পৰিষদ গঠনক লৈ মন্ত্ৰী অতুল বৰাই কয় যে , "স্বায়ত্ব পৰিষদ গঠন মন্ত্ৰী ফণীভূষন চৌধুৰীৰ দৃঢ় নেতৃত্বৰ বাবেই সম্ভৱ হৈছে। নহ'লে এয়া সম্ভৱ নাছিল । আমি জানো যে এই সমস্যাটো মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে চৰকাৰৰ ওচৰত দাঙি ধৰিছিল। মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে কমতাপুৰ ঘূৰাই আনিলে । আমি চৰকাৰক কমতাপুৰৰ স্বায়ত্ব পৰিষদৰ পদ্ধতি শীঘ্ৰেই পালনৰ বাবে হেঁচা প্ৰয়োগ কৰিম "। অসম গণ পৰিষদে নিষ্ঠা, সততাৰে কাম কৰি অহা বুলি কয় দলৰ সভাপতি অতুল বৰাই।

অৱশ্যে এই সভাত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিষয়ে কোনো ধৰণৰ কথা উল্লেখ কৰা নাই । বঙাইগাঁও শাখাৰ সদৌ অসম ছাত্ৰ সন্থাই ৰবিবাৰে অসম গণ পৰিষদৰ নেতা বৃন্দক ক'লা পতাকা দেখুৱাই ।উক্ত অনুষ্ঠানৰ সামৰণিৰ পিছত অসম গণ পৰিষদৰ নেতা সকলে বঙাইগাঁও এৰাৰ সময়ত বঙাইগাঁও শ্বহীদ ভৱনৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যই ক'লা পতাকা প্ৰদৰ্শন কৰে। ক'লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

আছুৰ এনে কাৰ্যক গণতান্ত্ৰিক অধিকাৰ বুলি কয় মন্ত্ৰী তথা বিধায়ক ফণীভূষন চৌধুৰীয়ে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Namghar Samannay Mancha staged protest against CAA 2019 in Golaghat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com