ৰাজ্যিক বাতৰি

অসম চুক্তি: ভূমি অধিকাৰ, সংসদৰ আসন সংৰক্ষণৰ সন্দৰ্ভত আলোচনা

Sentinel Digital Desk

অসম চুক্তিৰ সন্দৰ্ভত শুকুৰবাৰে উচ্চ পৰ্যায়ৰ বৈঠক অনুস্থিত হয়। অসম চুক্তি ৬ দফাৰ থলুৱাৰ ভূমি সংৰক্ষণ, সংসদত আসন সংৰক্ষণ, কেন্দ্ৰীয় চৰকাৰৰ চাকৰি, পি এচ ইউ এচ আৰু অসমীয়াৰ অন্যান্য ব্যক্তিগত সংস্থা, কমিটিৰ নতুন নীতি আৰু পৰামৰ্শ আদি আলোচনা কৰা হয় ।

শুকুৰবাৰে খানাপাৰাৰ অসম প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই উচ্চ পৰ্যায়ৰ বৈঠক। এই বৈঠকতে ১৬ জুলাইত উচ্চ পৰ্যায়ৰ কমিটি পূৰ্ন গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ দিছিল । এই কমিটি খনৰ প্ৰথম খন বৈঠক অনুস্থিত হৈছিল ২৪ জুলাইত ।

অসম চুক্তিৰ ষষ্ঠ দফাক সন্মুখত ৰাখি নৰ্থ ব্লকস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ কাৰ্যালয়ত কেন্দ্ৰই গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটীৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় ৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিখনৰ প্ৰথমখন বৈঠকত অসমৰ এখন খিলঞ্জীয়া জনজাতীয় সদস্যৰ অন্তৰ্ভূক্তিৰো সিদ্ধান্ত কৰা হয় আৰু এই বৈঠকত ছয় নং দফা ৰূপায়ণ সন্দৰ্ভত এক ৰূপৰেখা প্ৰস্তুত হোৱাৰ সম্ভৱনা আছে।

অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া এই ১৩ জনীয়া সমিতিৰ প্ৰথম বৈঠকতে খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচৰ সৈতে নিগম,নিকায়,বিধানসভা আৰু সংসদত অসমৰ খিলঞ্জীযাৰ বাবে আসন সংৰক্ষণ কৰা,ভূমি সংৰক্ষণ আৰু কেন্দ্ৰীয় চাকৰিতো অসমৰ খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ বিষয়টো সন্নিবিষ্ট কৰে ৷

এই উচ্চ পৰ্যায়ৰ কমিটি খনৰ নেতৃত্ব দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা অধক্ষ্য বিপ্লৱ কুমাৰ শৰ্মায়ে । কমিটি খনৰ সদস্য আছিল অসমৰ সাধাৰণ অধিবক্তা ৰমেশ বৰপাত্ৰগোঁসাই , অৰুনাচল প্ৰদেশৰ সাধাৰণ অধিবক্তা নিলয় দত্ত, প্ৰাক্তন আই এ এচ সুভাষ দাস, প্ৰাক্তন আই পি এচ পল্লব ভট্টাচাৰ্য, প্ৰাক্তন অধ্যাপক ডঃ সৃষ্টিধাৰ দত্ত,লেখক তথা সাংবাদিক সুমান্ত চলিহা, অধ্যাপক তথা সাংবাদিক ডঃ জয়কান্তা শৰ্মা, জেষ্ঠ সাংবাদিক ৱাজবিৰ হুছেইন, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য , সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক দিপাংকৰ কুমাৰ নাথ, আছুৰ সাধাৰণ সভাপতি লুৰিনজ্যোতি গগৈ, মৃনাল মিনি । পৰবৰ্তী বৈঠক অনুস্থিত হব ১৭ আগষ্টত ।

প্ৰথম খন বৈঠকৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বৈঠকখন আছিল প্ৰাথমিক বৈঠক ৷১৯৯৮ চনত কেন্দ্ৰৰ প্ৰাক্তন গৃহ সচিব জি কে পিল্লাইৰ নেতৃত্বত গঠন কৰা কমিটীয়ে এই ক্ষেত্ৰত ইতিমধ্যে এটা দিহা প্ৰদান কৰা হৈছে ৷