ৰাজ্যিক বাতৰি

অসম বিধানসভাত উত্থাপন টেট শিক্ষক নিয়মীয়াকৰণৰ প্ৰসংগ

Sentinel Digital Desk

ৰাজ্যৰ টেট শিক্ষকসকলৰ সন্দৰ্ভত সোমবাৰে উত্তপ্ত হয় অসম বিধানসভা ।যাৰ কাৰণে বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে সদন স্থগিত কৰাৰ লগতে বিৰোধীৰ তীব্ৰ বাক বিতণ্ডাৰ মাজতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা সদন ত্যাগ কৰে ৷ বিৰোধী কংগ্ৰেছী বিধায়কসকল উত্তেজিত হোৱাৰ সময়তে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্চই কয় যে টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে আন্দোলন কৰা বিষয়টো উচিত নহয় ৷

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আৰু টেট শিক্ষকসকলৰ মাজত ২৭ জুনত হোৱা এখন বৈঠকত সকলো অভিযোগক সমাধান কৰা হৈছিল ৷ কিন্তু শিক্ষকসকলৰ কিছু সংখ্যকে ২৭ জুনৰ বৈঠপৰ পিছত পুনৰ ২৯ জুনত আন্দোলন আৰম্ভ কৰিছিল ৷২৭ জুনৰ আলোচনা মৰ্মে খালী পদৰ বিপৰীতে টে’ট শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷

এই ক্ষেত্ৰত বয়সৰ সীমাবদ্ধতা আৰু টেট উত্তীৰ্ণৰ প্ৰমাণ পত্ৰৰ ম্যাদ বাধ্যতামূলক ন’হব বুলি কোৱা হৈছিল ৷ গতিকে আমি শিক্ষাক লৈ ৰাজনীতি কৰিলে সহ্য কৰা নকৰিম ৷শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ টেট শিক্ষকৰ সম্পৰ্কত এনেধৰণৰ মন্তব্যৰ পিছতে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু ৰূপজ্যোতি কুৰ্মীয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷

কমলাক্ষ দে পুৰকায়স্থই কয় যে বিজেপিয়ে টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে ভ্যিজন ডকুমেন্টৰ প্ৰতিশ্ৰুতি দিছিল ৷এই সময়ত অসম বিধানসভাত মজিয়া আৰু অধিক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদন ত্যাগ কৰে ৷ আৰু বিধান সভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে ১০ মিনিটৰ কাৰণে সদন ত্যাগ কৰে ৷

টেট শিক্ষকসকলৰ দাবী যুক্তিসংগত আৰু ন্যায়সংগত আখ্যা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জীত কুমাৰ দাস ৷ টেট শিক্ষকসকলে বেতনৰ লগতে নিজৰ পদটোৰ নিয়মীয়াকৰণৰ দাবীত বিৰোধ প্ৰদৰ্শন কৰি আহিছে । এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে শিক্ষকসকলৰ এই প্ৰতিক্ৰিয়া যুক্তি সংগত আৰু ন্যায়সংগত ৷ গতিকে মই তেওঁলোকৰ সমস্যাসমূহ অনতি পলমে সমাধান হোৱাতো বিছাৰো ৷ আৰু এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে ৷

ইফালে নেট আৰু শ্লেট পৰীক্ষাৰ পিছত যোগ্য পৰীক্ষাৰ্থীয়ে মহাবিদ্যালয়ত আবেদন কৰিব পাৰে৷ ঠিক তেনেধৰণৰ নিয়ম টেট শিক্ষকসকলৰ ক্ষেত্ৰত কৰিব লাগে ৷ টেট পৰীক্ষা কেৱল ৰাজ্যতে সীমাবদ্ধ নহয় ৷ কাৰণ এই পৰীক্ষা কেন্দ্ৰীয় চৰকাৰৰ ৰাইট টু এডুকেশ্ব্যনৰ অন্তৰ্গত। কিন্তু অসমত যিকোনো বিসংগতিৰ কাৰণে ৰাজ্য চৰকাৰক দোষী সাব্যস্ত কৰা হয় ৷