Begin typing your search above and press return to search.

চাকৰি নিয়মীয়াকৰণৰ দাবীত টেট শিক্ষকৰ প্ৰতিবাদ : উত্তাল খানাপাৰা

চাকৰি নিয়মীয়াকৰণৰ দাবীত টেট শিক্ষকৰ প্ৰতিবাদ : উত্তাল খানাপাৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Jun 2019 12:15 PM GMT

টেট উৰ্ত্তীৰ্ণ শিক্ষক সকলে ২৯ জুন অৰ্থাৎ আজি খানাপাৰাত প্ৰতিবাদ সাব্যস্ত কৰাৰ ভাবুকি প্ৰদান কৰিছিল যোৱা মংগলবাৰে । যদিহে চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেতিয়া ২৯ জুনত "দিছপুৰ চলো" কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা প্ৰকাশ কৰিছিল । সেয়েহে আজি খানাপাৰাত বহুতো টেট উৰ্ত্তীৰ্ণ শিক্ষকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

টেটৰ শিক্ষক সকলে অভিযোগ উত্থাপন কৰিছিল যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচনী ইস্তাহাৰত চৰকাৰে ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি নিয়মিয়া কৰাৰ কথা উল্লেখ কৰিছিল । কিন্তু তিনি বছৰ হৈ যোৱাৰ পাছতো চৰকাৰ খনে কোনো ব্যবস্থা গ্ৰহণ কৰা নাই বুলি প্ৰকাশ কৰে ।

টেটৰ শিক্ষক সকলে ২৯ জুনত “দিছপুৰ চল” গনতান্ত্ৰীক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ভাবুকি দিছিল , তাৰ পৰিপ্ৰেক্ষিততে আজি প্ৰতিবাদ সাব্যস্ত কৰে। যদি চৰকাৰ খনে ১০ দিনৰ ভিতৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে তেনেহ’লে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি প্ৰকাশ কৰিছিল।

পূৰ্বতেও টেটৰ শিক্ষক সকলে বহুতো স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষা মন্ত্ৰীলৈ । কিন্তু চৰকাৰে কোনো ব্যবস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে।

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষকক ড্ৰাইভাৰৰ লগত তুলনা কৰাক লৈ ৰাজ্যজুৰি ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ কৰিছিল। শিক্ষামন্ত্ৰীৰ তীৰ্যক মন্তব্যৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফলত অচল হৈ পৰিছিল ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ত পাঠদান। ৪১ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকে ৰূপায়ণ কৰিছিল প্ৰতিবাদ। প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত টেট শিক্ষকসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ।

সৰ্ব শিক্ষা মিচন অভিযান অসমৰ ৪১,০০০ টেট শিক্ষকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল।সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ন শিক্ষক সমাজৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়া কৰনৰ দাবীত উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্না কাৰ্যসুূচী গ্ৰহন কৰে ৷

২০১২ চনত টেটৰ প্ৰথম পৰীক্ষা অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়তে । প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত টেটৰ শিক্ষক সকলক নিযুক্তি দিয়া হৈছিল । প্ৰায় ৫২,৭৭২ প্ৰাৰ্থীয়ে টেটত উৰ্ত্তীৰ্ণ হৈছিল । সেইসময়ত বৰ্তমান স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী আছিল । ২০১৫ চনত হিমন্ত বিশ্ব শৰ্মায়ে বিজেপিত যোগদান কৰে।

অধিক খবৰৰ বাবে পঢ়ক:ৰাজ্যজুৰি টেট শিক্ষকৰ প্ৰতিবাদ কাৰ্যসূচী: কেইবাটাও দাবী উত্থাপন

Next Story
চাকৰি