Begin typing your search above and press return to search.

ৰাজ্যজুৰি টেট শিক্ষকৰ প্ৰতিবাদ কাৰ্যসূচী: কেইবাটাও দাবী উত্থাপন

ৰাজ্যজুৰি  টেট শিক্ষকৰ প্ৰতিবাদ  কাৰ্যসূচী: কেইবাটাও দাবী উত্থাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jun 2019 1:47 PM GMT

আজি সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দাবী উত্থাপন কৰি টেটৰ শিক্ষক সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কামৰূপ মেত্ৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজৰ কামৰূপ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। টেট শিক্ষক সকলে প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি কেইবাটাও দাবী উত্থাপন কৰে ।

টেটৰ শিক্ষক সকলে অভিযোগ উত্থাপন কৰে যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচনী ইস্তাহাৰত চৰকাৰে ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি নিয়মিয়া কৰাৰ কথা উল্লেখ কৰিছিল । কিন্তু তিনি বছৰ হৈ যোৱাৰ পাছতো চৰকাৰ খনে কোনো ব্যবস্থা গ্ৰহণ কৰা নাই বুলি প্ৰকাশ কৰে ।

টেটৰ শিক্ষক সকলে ২৯ জুনত "দিছপুৰ চল" গনতান্ত্ৰীক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ভাবুকি দিছে । যদি চৰকাৰ খনে ১০ দিনৰ ভিতৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি প্ৰকাশ কৰে।

পূৰ্বতেও টেটৰ শিক্ষক সকলে বহুতো স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষা মন্ত্ৰীলৈ । কিন্তু চৰকাৰে কোনো ব্যবস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে।

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষকক ড্ৰাইভাৰৰ লগত তুলনা কৰাক লৈ আজি ৰাজ্যজুৰি ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ কৰে। শিক্ষামন্ত্ৰীৰ তীৰ্যক মন্তব্যৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফলত আজি অচল হৈ পৰে ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ত পাঠদান। ৪১ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকে ৰূপায়ণ কৰে প্ৰতিবাদ। প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত টেট শিক্ষকসকলে সাব্যস্ত কৰে প্ৰতিবাদ।

আজি সৰ্ব শিক্ষা মিচন অভিযান অসমৰ ৪১,০০০ টেট শিক্ষকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে।সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ন শিক্ষক সমাজৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়া কৰনৰ দাবীত উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্না কাৰ্যসুূচী গ্ৰহন কৰে ৷

যদি চৰকাৰ খনে ১০ দিনৰ ভিতৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে টেটৰ শিক্ষক সকলে ২৯ জুনত "দিছপুৰ চল" গনতান্ত্ৰীক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ভাবুকি দিছে ।

২০১২ চনত টেটৰ প্ৰথম পৰীক্ষা অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়তে । প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত টেটৰ শিক্ষক সকলক নিযুক্তি দিয়া হৈছিল । প্ৰায় ৫২,৭৭২ প্ৰাৰ্থীয়ে টেটত উৰ্ত্তীৰ্ণ হৈছিল । সেইসময়ত বৰ্তমান স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী আছিল । ২০১৫ চনত হিমন্ত বিশ্ব শৰ্মায়ে বিজেপিত যোগদান কৰে।

অধিক খবৰৰ বাবে পঢ়ক:শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্যত প্ৰতিক্ৰিয়া অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা পৰিষদৰ

Next Story
চাকৰি