Begin typing your search above and press return to search.

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্যত প্ৰতিক্ৰিয়া অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা পৰিষদৰ

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্যত প্ৰতিক্ৰিয়া অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা পৰিষদৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Jun 2019 8:04 AM GMT

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা পৰিষদে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক উদ্দেশ্য কৰি মন্তব্য কৰে যে ৰাজ্যত শৈক্ষিক বাতাবৰণ সুনিশ্চিত কৰিবৰ কাৰণে শিক্ষামন্ত্ৰীয়ে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব লাগে ৷ ইফালে টেট শিক্ষকৰ প্ৰমাণ পত্ৰক , বাহন চালকৰ অনুজ্ঞাপত্ৰৰ লগত তুলনা কৰাৰ পিছতেই ৰাজ্যজুৰি টেট শিক্ষকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা পৰিষদৰ অধ্যক্ষ জীৱন চন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ টেট শিক্ষকসকলৰ প্ৰমাণ পত্ৰক বাহন চালকৰ অনুজ্ঞাপত্ৰৰ লগত তুলনা কৰা কথাটো সহ্য কৰা ন’হব ৷লগতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্তব্যক পুনৰ উঠাই ল’বলৈ সোঁৱৰাই দিছে শিক্ষক সন্মিলনীয়ে ৷

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দুয়োজন নেতাৰ মন্তব্য অনুসৰি ২০১৮ বৰ্ষৰ ১৯ জুনত শিক্ষা মন্ত্ৰীৰ লগত তেওঁলোকৰ বৈঠক অনুষ্ঠিত হৈছিল। সেই সময়ত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ঠিকা ভীত্তিক শিক্ষকতা কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মিত কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৷কিন্তু সেই প্ৰতিশ্ৰুতিৰ পাছত বিগত এটা বছৰে কোনো এজন শিক্ষকৰে চাকৰি নিয়মীয়াকৰণ ন’হল ৷

অন্যহাতে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনীয়ে কেবিনেটে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত হস্তক্ষেপ কৰি চাকৰি নিয়মীয়াকৰণ কৰাবলৈ শিক্ষামন্ত্ৰীক আহ্বান কৰে ৷ সম্প্ৰতি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভাষ্যৰ পিছতেই সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ গতিকে অনাগত তিনিদিনৰ ভিতৰত শিক্ষকসকলৰ সমস্যাক লৈ সন্মিলনীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বুলি সদৰী কৰে ৷

লগতে জীৱন চন্দ্ৰ বৰাই কয় যে যদি চাকৰি নিয়মীয়া নকৰে তেন্তে আমি আন্দোলন কৰিম ৷ ইফালে আগন্তক শিক্ষক দিৱসৰ পূৰ্বে কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ নকৰিলে তিনিচুকীয়া,ডিব্ৰুগড়, শিৱসাগৰ আৰু গোলাঘাট জিলাৰ ভেঞ্চাৰ শিক্ষকসকলে শিক্ষক দিৱসৰ দিনাই বিহিত ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে ২০১২ চনত মেধাৰ ভিত্তিত টে’ট পৰীক্ষাৰ জৰিয়তে বাছনি লাভ কৰি ঠিকাভিত্তিক কৰ্মৰত শিক্ষকসকলৰ ম্যাদ অন্ত পৰিছে , যদিও এই সন্দৰ্ভত শিক্ষকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এই বিষয়টোত শিক্ষা বিভাগৰ আয়ুক্ত গৰাকীৰ উপেক্ষা কৰা জনক মন্তব্যৰ কাৰনে ১৮ জুনত প্ৰতিবাদী ধৰ্না আয়োজন কৰিছে শিক্ষকসকলে। সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰা ঠিকাভিত্তিক টেট শিক্ষকসকলক চৰকাৰে নিয়মীয়াকৰণ কৰিবই লাগিব ৷ এই মন্তব্য টে’ট উত্তীৰ্ণ শিক্ষকৰ ৷

অন্য খবৰৰ বাবে পঢ়ক: শিক্ষা বিভাগত হোৱা নিযুক্তিৰ ক্ষেত্ৰত সৰৱ ৰাজ্য চৰকাৰ

Next Story
চাকৰি